নিউজ ডেক্স:
জাৰ্মানৰ এক বৃহত্তৰ বিমান সেৱা সংস্থা লুফথান্ছাই জনাই যে ভাতীয় কৰ্তৃপক্ষই বিমানৰ সময়সূচীসমূহ অপ্ৰত্যাশিত ভাৱে প্ৰত্যাখ্যান কৰাৰ বাবে ৩০চেপ্তেম্বৰৰপৰা ২০ অক্টোবৰলৈকে ভাৰত-জাৰ্মানীৰ মাজত চলাচল কৰিব লগা এয়াৰ ইণ্ডিয়াৰ সকলো বিমান বাতিল কৰিব লগা হ’ব ৷
জানিবপৰা মতে ক’ভিডৰ বাবে আগৰপৰাই বিমান চলাচল বন্ধ হৈ আছিল যদিও মাজতে নিজ নিজ গৃহ দেশলৈ যাবলৈ বিমানৰ ব্যৱস্থা কৰা হৈছিল দেশ সমূহৰ মাজত ৷ ইউৰোপীয় দেশে ভাৰতৰ ৰাষ্ট্ৰীয় বিমান সংস্থা এয়াৰ ইণ্ডিয়াৰ বিমানসমূহ তাৰ বিমান বন্দৰত উৰা নিষিদ্ধ কৰাৰ পিছত ভাৰত-জাৰ্মানী বিমানসমূহৰ চলাচল সমূহ স্থগিত কৰা হৈছে বুলি এজন উচ্চ পদষ্ঠ চৰকাৰী বিষয়াই সাংবাদিকক জানিবলৈ দিয়ে ৷ এয়াৰ ইণ্ডিয়াই দিল্লীৰপৰা ফ্ৰেংকফৰ্টলৈ যাব লগা সকলোবোৰ বিমান বাতিল কৰে ৷










