নিউজ ডেক্স:
উত্তৰ প্রদেশ প্রশাসন আৰু মিডিয়াৰ দীর্ঘ ২৭ ঘন্টাৰ যুদ্ধৰ অৱসান ঘটিল। দেশজুৰি প্রবল বিক্ষোভৰ মুখত পৰি অৱশেষত হাৰ মানিবলৈ বাধ্য হ’ল উত্তৰ প্রদেশৰ যোগী প্রশাসন। প্রবল বিতর্কৰ মুখত পৰি আৰু বিভিন্ন মহলৰ চাপৰ কাৰণে অৱশেষত হাথৰসৰ নির্যাতিতাৰ ঘৰৰ সন্মুখৰ পৰা বেৰিকেড উঠাবলৈ বাধ্য হ’ল আৰক্ষী। ফলত নির্যাতিতা কিশোৰীগৰাকীৰ ঘৰত গৈ তেওঁৰ পৰিয়াল-পৰিজনৰ সৈতে কথা পাতিবলৈ সমর্থ হ’ল সংবাদকর্মীসকল।
ইফালে সংবাদ মাধ্যমৰ আগত নির্যাতিতাৰ পৰিয়ালৰ বিস্ফোৰক মন্তব্য, উত্তৰ প্রদেশ প্রশাসনৰ ওপৰত তেওঁলোকৰ আৰু কোনো আস্থা নাই। তেওঁলোকে বিচাৰে ছুপ্রিমকোর্টৰ তত্ত্বাবধানত নির্যাতিতা কিশোৰীগৰাকীৰ ধর্ষণ আৰু হত্যাৰ তদন্ত কৰা হওক। আনকি উত্তৰ প্রদেশ আৰক্ষীৰ দ্বাৰা গঠিত স্পেচিয়েল ইনভেস্টিগেচন টিম বা চিটৰ তদন্তৰ ওপৰতো আস্থা হেৰাইছে তেওঁলোকৰ। আৰক্ষী প্রশাসন আনকি চিবিআইৰ ওপৰতো ভৰসা কৰিব পৰা নাই তেওঁলোকে।
তেওঁলোকৰ এটাই দাবী, তেওঁলোকৰ পৰিয়ালৰ জীয়াৰীৰ ওপৰত যি অত্যাচাৰ হৈছে তাৰ তত্ত্বাৱধান কৰক ছুপ্রিম কোর্টে।










