ডিফু : অসম-নাগালেণ্ড সীমান্তত পুনৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷অভিযানত জব্দ প্ৰায় 97000 yaba য়াবা টেবলেট সমান্তৰালকৈ ৰমি কান্ত সিং আৰু বিকেন সিং নামৰ মণিপুৰৰ দুজন যুৱকক আটক কৰে আৰক্ষীয়ে ।
মণিপুৰৰ পৰা অসমত প্ৰৱেশ কৰাৰ সময়ত কাৰ্বি আংলঙ আৰক্ষীৰ বিশেষ নাকা তালাচীত MN01 7632 নম্বৰৰ এখন ট্ৰাকত তালাচী চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটখিনি। জব্দ কৰা ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্রায় ৬ কোটি টকা বুলি জানিব পৰা গৈছে।
বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাস, চক্ৰ বিষয়া ভূপেন কলিতা আৰক্ষী বিষয়া মনোজ্জল গগৈ আৰু আৰক্ষী জিতেন গগৈৰ নেতৃত্বত বোকাজানত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। বিগত চাৰিমাহত কাৰ্বি আংলঙ আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তোলা হৈছে আৰু আজি পৰ্যন্ত প্রায় ৪৫ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ উদ্ধাৰ কৰিছে।












