নিউজ ডেক্স:
দলৰ কেডাৰৰ হাততেই প্ৰাণ দিবলগীয়া হ’ল মাওবাদী নেতাই। এই ঘটনা ঘটিছে ছত্তীশগড়ৰ বিজাপুৰত। এই দাবী ছত্তীশগড় আৰক্ষীৰ। তেওঁলোকৰ দাবী, নিহত মাওবাদী মোডিয়াম ভিজ্জা একাধিক হত্যাকাণ্ডত জড়িত আছিল। বিজাপুৰত ক্ৰমবৰ্ধমান হিংসাৰ কাৰণেই ভিজ্জাৰ দলত মতবিৰোধ দেখা দিয়ে। তাৰ ফলতেই এই হত্যা।
আৰক্ষীৰ দাবী, ভিজ্জা মাওবাদীৰ বিজাপুৰৰ গাংলুৰ এৰিয়া কমিটিৰ নেতা আছিল। তেওঁৰ মূৰৰ মূল্য নিৰ্ধাৰণ কৰা আছিল ৮ লাখ টকা। বস্তাৰ ৰেঞ্জেৰ ইন্সপেক্টৰ জেনেৰেল (আইজি) পি সুন্দৰৰাজে কয়, ‘‘পশ্চিম বস্তাৰ ৰেঞ্জত বেছিভাগ সাধাৰণ মানুহৰ হত্যাৰ ঘটনাৰ পিছত আছিল ভিজ্জা।
তাকে লৈ দলৰ প্রবীণ আৰু স্থানীয় সদস্যসকলৰ মাজত প্রবল মতবিৰোধ সৃষ্টি হৈছিল। কাৰণ বহু সদস্যই জনজাতি শ্রেণীভুক্ত নিৰাপৰাধী মানুহৰ ওপৰত নির্মম হিংসা সহ্য কৰিব পৰা নাছিল।’’ ইয়াৰ পিছতে শুক্রবাৰে ভিজ্জাক হত্যা কৰা বুলি আৰক্ষীৰ দাবী। এই ঘটনাৰ তদন্ত কৰাৰ লগতে মাওবাদীৰ গতিবিধিৰ ওপৰত নজৰ ৰখা হৈছে বুলিও জনায় আইজিয়ে।










