নিউজ ডেক্স:
সুশান্ত সিং ৰাজপুতৰ মৃত্যু তদন্তত খুনৰ সম্ভাবনাক সম্পূৰ্ণ নাকচ কৰিলে অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেল ছায়েন্স (এইমছ)-এ। চিকিৎসক সুধীৰ গুপ্তাৰ নেতৃত্বত এটি দলে অভিনেতাগৰাকীৰ পোষ্টমর্টেম আৰু ডিএনএ ৰিপোর্ট পুনৰায় পৰীক্ষা কৰাৰ পিছত মৃত্যুৰ কাৰণ হিচাবে আত্মহত্যাকেই চিহ্নিত কৰে।
চিকিৎসক সুধীৰ গুপ্তাই কয়, “সুশান্তৰ মৃত্যু নিশ্চিতভাবে আত্মহত্যাৰ কাৰণে হয়। হত্যাৰ কোনো সম্ভাবনা দেখা যোৱা নাই।“ সুশান্তের ২০ শতাংশ ভিচেৰা লৈ পৰীক্ষা কৰে এইমছে। বাকী ৮০ শতাংশ আগতেই ব্যৱহাৰ কৰিছিল মুম্বাই আৰক্ষীয়ে।
ইয়াৰ উপৰি অভিনেতাগৰাকীৰ এটি লেপটপ, কেমেৰা, কিছু হার্ড ডিস্ক আৰু দুটা ফোনৰ পৰা তথ্য-প্রমাণ বিচাৰি উলিওৱাৰ চেষ্টা কৰে ফৰেন্সিক সংস্থাই।উল্লেখযোগ্য যে যোৱা ২৯ ছেপ্টেম্বৰত এইমছে অভিনেতাগৰাকীৰ ভিচেৰা ৰিপোর্ট কেন্দ্রীয় চোৰাংচোৱা সংস্থা চিবিআইক জমা দিয়ে।
সূত্রৰ খবৰ মতে, এই মুহূর্তত চিবিআইয়ে আত্মহত্যাৰ দিশটো অনুসন্ধান কৰি চাব। কিন্তু আত্মহত্যা কৰিবলৈ প্রৰোচনা কৰাৰ সম্ভাৱনা সম্পূর্ণ উৰুৱাই দিয়া হোৱা নাই। তাৰ সপক্ষে তথ্য-প্রমাণ লাভ কৰিলে ৩০২ ধাৰাত হত্যাৰ গোচৰ ৰুজু হ’ব পাৰে।










