নিউজ ডেক্স:
ভাৰতৰ ভিভিআইপি পৰিবহণৰ জন্য এয়াৰ ইণ্ডিয়া ৱানৰ অপেক্ষা শেষ। সংবাদ সংস্থা এএনআইয়ে চৰকাৰী সূত্রৰ উদ্ধৃতি দি তথ্য দিছে যে এয়াৰ ইণ্ডিয়া ৱান আজি দিল্লী আন্তর্জাতিক বিমানবন্দৰত উপস্থিত হৈছে।
ৰাষ্ট্রপতি, উপ-ৰাষ্ট্রপতি আৰু প্রধানমন্ত্রীৰ বাবে দুখন ভিভিআইপি এয়াৰ ইণ্ডিয়া ৱানৰ প্রথম বিমানখন বৃহস্পতিবাৰে ভাৰতলৈ আহিছে। ভাৰতৰ ৰাষ্ট্রপতি আৰু প্রধানমন্ত্রীৰ বাবে ক্ৰয় কৰা দুখন বোয়িং-৭৭৭-৩০০ ইআৰ বিমান প্রায় প্রস্তুত।
ভাৰতত এই দুখন নতুন বিমান প্রধানমন্ত্রী, ৰাষ্ট্রপতি আৰু উপ-ৰাষ্ট্রপতিৰ বাবে ব্যৱহাৰ কৰা হ’ব। এয়াৰ ফৰ্চৰ বিমানচালকসকলে এই বিমানবোৰ উৰাব।










