নিউজ ডেক্স:
হাথৰস গাঁৱত ১৪৪ ধাৰা জাৰি কৰিয়েই ক্ষান্ত থকা নাই প্রশাসন। নির্যাতিতাৰ পৰিয়ালৰ সদস্যসকলক সংবাদ মাধ্যমৰ সৈতেও কথা ক’ব দিয়া নাই। আবদ্ধ কৰি ৰাখিছে ঘৰতে। আৰক্ষীৰ চকুত ধূলি দি কোনোমতে গাঁৱৰ সীমান্তত আহি এই কথা জনালে এজন নাবালকে।
শুক্রবাৰে পুৱা নাবালকজনক নির্যাতিতাৰ পৰিয়ালৰ সদস্যসকলে সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখিবলৈ পঠায়।
তেওঁক কোৱা হয়, যিকোনো প্রকাৰে সি যেন সংবাদ মাধ্যমৰ আগত পৰিয়ালটোৰ দুর্দশাৰ কথা দাঙি ধৰে। নাবালকজনে জনাইছে, প্রশাসনে পৰিয়ালৰ সকলোকে ফোন বন্ধ ৰখাৰ নির্দেশ দিছে। কাৰোবাৰ আকৌ ফোন কাঢ়িও নিছে।
পথাৰৰ মাজে মাজে নাবালকজনে কিবা প্ৰকাৰে গাঁৱৰ সীমালৈ আহি সংবাদ মাধ্যমৰ আগত মুখ খোলে। তেওঁ কয়, ‘তেওঁলোকে ফোন কাঢ়ি নিছে। আমাৰ পৰিয়ালে মোক ইয়ালৈ সংবাদ মাধ্যমৰ আগত বক্তব্য ৰখাৰ বাবে পঠাইছে। মই পলাই পলাই আহিছো। তেওঁলোকে আমাক বাহিৰলৈ ওলাব দিয়া নাই। সংবাদ মাধ্যমকো সোমাব দিয়া নাই। তেওঁলোকে আমাক ভয় দেখাইছে।’
নাবালকজনে কথা কৈ থকাৰ সময়ত এজন আৰক্ষী বিষয়া তালৈ আহে। তেতিয়াই ল’ৰাটো পলাই যায়। ইয়াৰ পিছত সাংবাদিকসকলে আৰক্ষীক প্ৰশ্ন কৰে, কিয় নির্যাতিতাৰ পৰিয়ালৰ সৈতে কথা পাতিব দিয়া হোৱা নাই। ইয়াৰ কোনো উত্তৰ নিদিয়ে আৰক্ষী বিষয়াজনে।
ইফালে টুইটাৰত যোগী চৰকাৰৰ এই পদক্ষেপৰ সমালোচনা কৰিছে ৰাজ্যিক কংগ্রেছে। লিখিছে, ‘আজি যোগীজিয়ে সংবাদ মাধ্যমৰ গাঁৱত প্রবেশ নিষিদ্ধ কৰিছে, কাৰণ সংবাদ মাধ্যমে সমগ্ৰ দেশৰ ওচৰত তাৰ খবৰ দাঙি ধৰিছে। তেওঁলোকে যোগীজিৰ জঙ্গলৰাজৰ সত্য ফাদিল কৰিছে। সেয়ে নিষিদ্ধ কৰা হৈছে তেওঁলোকৰ প্রবেশ।’
আনহাতে, হাথৰসৰ জিলা দণ্ডাধীশ পি কে লাক্সকাৰে নির্যাতিতাৰ পৰিয়ালৰ সৈতে তেওঁৰ বিবাদৰ কথা অস্বীকাৰ কৰিছে। তেওঁৰ দাবী, তেওঁ নিয়মিত পৰিয়ালৰ সদস্যসকলৰ সৈতে আলোচনা কৰিছো। আগ দিনা পৰিয়ালৰ ছয়জন সদস্যৰ সৈতে কথা পাতিছো। কথা কোৱাৰ সময়ত সমস্যা হোৱা নাই। সকলো অপপ্রচাৰ।










