ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : অত্যাৱশ্যকীয় সামগ্রীৰ অত্যাধিক মূল্যবৃদ্ধিৰ ঘটনাই শেহতীয়াকৈ সাধাৰণ জনতাক ভাৰাক্রান্ত কৰি তােলাৰ সময়তে আজি কার্বি আংলং জিলাৰ বকলীয়াঘাটত আজি মূল্যবৃদ্ধি ৰোধ কৰাত ব্যর্থ হােৱাৰ প্রতিবাদত অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সােণোৱাল আৰু যােগান মন্ত্রী ফণীভূষণ চৌধুৰীৰ প্রতিকৃতি দাহ কৰি প্রতিবাদ সাব্যস্ত কৰে সন্মিলিত কার্বি আংলং জিলা ছাত্র পৰিষদ চমুকৈ “উছুকা’ই।
সংগঠনটোক সভাপতি – সম্পাদক ক্রমে বিবিচন টেৰণ আৰু জিন্টু হাজৰিকাৰ নেতৃত্বত সংগঠনটোৰ নেতা-কর্মীসকলে আজি দিনৰ প্রায় এঘাৰ বজাত বকলীয়াঘাট নগৰৰ হাতে হাতে বিভিন্ন শ্লগান সম্বলিত প্লে কার্ড লৈ প্রতিবাদ সাব্যস্থ কৰাৰ লগতে মুখ্যমন্ত্রী আৰু যােগান মন্ত্রীৰ প্রতিকৃতি দাহ কৰি প্রতিবাদ সাব্যস্থ কৰে।
প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰি উছুকাৰ সভাপতি বিবিচন টেৰণে মূল্যবৃদ্ধি ৰোধ কৰাত প্রদর্শন কৰা ব্যর্থতাৰ বাবে চবকাৰক কঠোৰ ভাষাৰে সমালােচনা কৰে। প্রতিবাদকাৰীসকলে লগতে ‘ছাত্র ঐক্য জিন্দাবাদ, ‘সংগ্রামী ঐক্য জিন্দাবাদ, ‘মূল্যবৃদ্ধি ৰোধ কৰক সর্বানন্দ সােণোৱাল গ’ বে’ক আদি শ্লগানেৰে পৰিৱোশ উত্তাল কৰি তােলে।












