ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু, ২ অক্টোবৰ:- পৱিত্ৰ গান্ধী জয়ন্তী উপলক্ষে সমগ্ৰ দেশৰ লগত সংগতি ৰাখি আমছুৰ কাৰবি আংলং জিলা সমিতিৰ উদ্যোগত কাৰবি আংলঙৰ বিভিন্ন প্ৰান্তত সম্পূৰ্ণ ক’ভিড প্ৰটকলৰ মাজেৰে গান্ধী জয়ন্তী উদযাপন কৰে ৷
ইয়াৰ সমান্তৰালকৈ প্ৰয়াত জাতিৰ পিতা মহাত্মা গান্ধীৰ সন্মানাৰ্থে গান্ধীজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ লগতে দেশজুৰি চলি থকা কৰ’নত শ্বহীদ হোৱা সকলৰ আত্মাৰ সদ্গতিৰ অৰ্থে ১ মিনিট সময় মৌন প্ৰাৰ্থনা কৰে ৷
আনহাতে আমছু কাৰবি আংলং জিলা সমিতিৰ দুদু কলনি, বালিগাওঁ আৰু কাৰেগাওঁ, বোকাজান আৰু বকলীয়াঘাট শাখা সমিতিয়ে নিজ নিজ অঞ্চলৰ ৰাস্তাত হাতে, হাতে ঝাড়ু, টুকুৰী, কোৰ আদিলৈ চাফাই অভিযানত নামি পৰে ৷
ৰাস্তা ঘাটৰ জাঁবৰ – জোঠৰ চাফা কৰি অনাময় আৰু পৰিবেশ দূষিত নকৰাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰে ৷ ‘ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজতে ভগৱান’ বুলি আমছুৱে নিজৰ চাফাই কাৰ্যসূচীৰ জৰিয়তে বুজাব খুজিছে বুলি আমছুৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি মাজিদ খানে জনাইছে ৷ সভাপতি গৰাকীয়ে আমছুৰ সকলো আঞ্চলিকৰ সভাপতি, সম্পাদক সদস্য সকলক চাফাই কাৰ্যসূচীৰ বাবে ধন্যবাদ জনায় ৷













