পৃথিৱীৰ পৰা হেৰাই যাবলৈ ওলাইছে আৰু এটি আদিম ভাষা, যাৰ নাম ‘ইয়াঘান’। এই ভাষা জনা অন্তিমজন ব্যক্তি ক্রিশ্চিয়ানাৰ বয়স এতিয়া ৯২। তেওঁৰ সুবিশাল পৰিয়াল থাকিলেও কোনোৱে এই ভাষা নাজানে। সম্ভৱত তেওঁৰ সৈতেই শেষ হ’বলৈ ওলাইছে আৰু এটি ভাষাৰ।
৮৪ বছৰীয়া এমিলিন্দা আকুয়াৰ মৃত্যুৰ পিছত চিলিৰ নাভাৰিনো দ্বীপত ক্রিশ্চিনা কেলদাৰিন শেষৰ গৰাকী ব্যক্তি, যিয়ে এই ভাষাত কথা ক’ব পাৰে৷ ক্রিষ্টিনা কেল্ডাৰনক আনুষ্ঠানিকভাবে মেগালেনেছ অঞ্চল আৰু চিলিয়ান এন্টার্কটিকাৰ ইলাষ্ট্ৰিয়াছ কন্যা হিচাবে ঘোষণা কৰিছে।
উল্লেখ্য যে ক্রিশ্চিয়ানা ২০০৩ চনত ইউনেস্কো কর্তৃপক্ষৰ দ্বাৰা জীৱিত মানৱ ট্রেজাৰ হিচাবে স্বীকৃত হৈছিল। একেদৰে, চিলিৰ ২০০তম বছৰ উদযাপনৰ সময়ত যি পঞ্চাশগৰাকী নায়িকাক সন্মান জনোৱা হৈছিল সেই তালিকাতো তেওঁ আছিল।
অৱশ্যে এই ভাষাটোকে বচাই ৰাখিবলৈ চেষ্টা কৰিছে চিলিয়ে। চিলিৰ জাতীয় আদিবাসী উন্নয়ন কর্পৰেচনে ইয়াগান ভাষাত শিক্ষামূলক পাঠ্যক্রম পৰিকল্পনা কৰাৰ বাবে এখন কর্মশালা আয়োজন কৰিছিল। চৰকাৰে ইয়াগান ভাষাৰ এখন “সংক্ষিপ্ত আৰু চিত্রিত অভিধান” প্রকাশৰ বাবেও আৰ্থিক সাহা়য্য দিছে।