ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : সমাজৰ পৰা এতিয়াও আঁতৰি যোৱা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ মনোবৃত্তি৷ তেনে এচাম অন্ধবিশ্বাসী লোকে নিতৌ ৰাজ্যখনত সংঘটিত কৰি আহিছে নিৰীহৰ ওপৰত বিভিন্ন অত্যাচাৰ আৰু হত্যাৰ দৰে ঘটনা৷ শেহতীয়াকৈ তেনে এক নিৰ্মম ঘটনা সংঘটিত হৈছে কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত ৰহিমপুৰ গাঁৱত৷
ঘটনাৰ বিৱৰণী মতে, যোৱা ২৯ ছেপ্টেম্বৰত শংকৰ গৌৰৰ জীয়ৰী ৰশ্মি গৌৰৰ মৃত্যু হয়৷ মৃত্যুৰ পূৰ্বে ছোৱালীজনীক চিকিৎসা কৰিছিল মেনছিং গৌৰ নামৰ পূজাৰীজনে৷ ইফালে ৰশ্মিৰ মৃত্যুৰ পিছত উক্ত পূজাৰীজনে অভিযোগ কৰে যে একেখন গাঁৱৰে এগৰাকী পুৰুষ আৰু এগৰাকী মহিলাৰ ক’লা যাদুৰ বাবে ছোৱালীজনীৰ মৃত্যু হৈছে৷
ছোৱালীজনীৰ মৃত্যুৰ তৃতীয়দিনা ৰহিমপুৰ গাঁৱৰ গাঁওবুঢ়া কৈলাস গৌৰৰ বাসগৃহৰ সন্মুখত বহুতো লোক একত্ৰিত হয়৷ তাতেই জোনালী গৌৰ (১৮) নামৰ আন এজনী ছোৱালীয়ে তাই ৰামাৱতী হালোৱা নামৰ এগৰাকী মহিলা আৰু বিজয় গৌৰ (৩০) নামৰ এজন পুৰুষৰ ক’লাযাদুত অসুস্থ হৈ পৰিছে৷ ফলত তাত উপস্থিত লোকসকলে নিজৰ মাজতে আলোচনা কৰে আৰু দলটোৱে ৰামাৱতী আৰু বিজয়ক নানা ধৰণে তিৰস্কাৰ আৰু গালিগালাজ কৰিবলৈ আৰম্ভ কৰে৷
ৰামাৱতীৰ জীয়েকে তেওঁৰ মাকক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও অপাৰগ হয়৷ চাওঁতে চাওঁতে ঘটনাই চূড়ান্ত ৰূপ লয় আৰু ঘটনাস্থলীতে দলটোৱে উন্মত ৰূপ ধাৰণ কৰি ৰামাৱতী আৰু বিজয়ক হত্যা কৰি দুয়োৰে মৃতদেহ কাষৰ পাহাৰৰ ওচৰলৈ নি জ্বলাই দিয়ে৷
ডকমকা আৰক্ষীয়ে পিছদিনা পুৱাৰ ভাগত ঘটনাৰ বিষয়ে জানিব পাৰে আৰু তুৰন্তে গৈ ঘটনাস্থলীত উপস্থিত হয়৷ আৰক্ষীৰ দলটোক নেতৃত্ব দিয়ে কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষকদেৱজিৎ দেউৰী ৷ তেওঁৰ লগত উপস্থিত থাকে ডিএছপি (হেড কোৱাটাৰ), হাওৰাঘাটৰ অ’চি, বকলিয়াৰ অ’চি আৰু মেজিষ্ট্ৰেট জিন্টু বৰা৷ বৰ্তমানলৈকে এই ঘটনাত ব্যৱহৃত অস্ত্ৰকে ধৰি ঘটনাটোত প্ৰত্যক্ষভাৱে জড়িত ৯জন লোকক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ৷ গ্ৰেপ্তাৰ কৰা অভিযুক্ত কেইজন হৈছে ধনসিং গৌৰৰ পুত্ৰ সঞ্জু গৌৰ ওৰফে নাগামিজ, প্ৰয়াত লালেম গৌৰৰ পুত্ৰ ৰামসিং গৌৰ, কৈলাস গৌৰৰ পুত্ৰ ৰাজেন গৌৰ, তুলাৰাম গৌৰৰ পুত্ৰ কৃষ্ণ গৌৰ, গনেশ গৌৰৰ পুত্ৰ ৰবিলাল গৌৰ, প্ৰয়াত শংকৰ গৌৰৰ পুত্ৰ সীতাৰাম গৌৰ, জিটৰুল গৌৰৰ পত্নী বাইগুল গৌৰ, কৈলাস গৌৰৰ জীয়ৰী কাজল গৌৰ আৰু প্ৰয়াত শম্ভূ গৌৰৰ ছোৱালী জোনালী গৌৰ৷
ইতিমধ্যে এই নাৰকীয় ঘটনাৰ ভুক্তভোগী দুয়োটা মৃতদেহৰ অৱশিষ্ট মেজিষ্ট্ৰেটৰ উপস্থিতিত জ্বলাই দিয়া স্থানৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে মাটিৰ নমুনাও সংগ্ৰহ কৰিছে বুলি জানিব পৰা গৈছে৷
এই সন্দৰ্ভত আইনৰ নিৰ্দিষ্ট ধাৰাৰ অধীনত অভিযুক্ত আটাইৰে বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিব বুলিও আৰক্ষী সূত্ৰে জনাইছে৷ আনহাতে , আন কেইগৰাকী অভিযুক্ত দীপক গৌৰ, লুলু গৌৰ, মানসিং গৌৰ, বাবুৰাম গোৱালা, সন্তোষ গৌৰ আৰু শিৱলাল গৌৰৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷