নিউজ ডেক্স:
মোক লাঠিৰে কোবাই মাটিত বগৰাই দিয়ে আৰক্ষীয়ে : হাথৰাসক লৈ অভিযোগ ৰাহুল গান্ধীক
আৰক্ষীৰ বিৰুদ্ধে বল প্রয়োগৰ অভিযোগ কৰিলে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে। তেওঁৰ বক্তব্য, “মোক লাঠিৰে কোবাই মাটিত পেলাই দিয়ে আৰক্ষীয়ে৷”
হাথৰাস গণধর্ষণ কাণ্ডক লৈ স্বাভাৱিকতেই তুংগত ৰাষ্ট্ৰীয় ৰাজনীতি। বৃহস্পতিবাৰে নির্যাতিতাৰ পৰিয়ালক দেখা কৰিবলৈ যোৱাৰ পথত আবদ্ধ কৰি দিয়া হ’ল কংগ্রেছ নেত্রী প্রিয়াঙ্কা গান্ধী আৰু ৰাহুল গান্ধীৰ কনভয়।
দিল্লী-নয়ডা সীমান্ততেই উত্তৰ প্রদেশ আৰক্ষীয়ে কংগ্রেছৰ দুই শীর্ষনেতাৰ কনভয় ৰখাই দিয়ে। উত্তৰ প্রদেশত প্রবেশ কৰিবলৈ নিদিয়ে কংগ্রেছ কর্মীসকলক। পিছত তাতেই গাড়ীৰ পৰা নামি খোজকাঢ়িয়ে হাথৰাসৰ পথ লৈছিল ৰাহুল-প্ৰিয়ংকা আৰু সংগীসকল৷ তাৰ পিছতেই এই অপ্ৰীতিকৰ ঘটনা সংঘটিত হয়৷










