লংকা : লংকাৰ ঐতিহ্যমণ্ডিত লংকেশ্বৰী মন্দিৰৰ মাটিক লৈ এই বিবাদ। বহু বছৰ ধৰি লংকাৰ হিন্দু ধৰ্মাৱলম্বী বিহাৰী সম্প্ৰদায়ৰ লোকে লংকাৰ লংকেশ্বৰী মন্দিৰৰ কাষৰ এডুখৰ মাটিত পাতি আহিছিল চত্ পূজা। কিন্তু মাটি দুখৰত লংকেশ্বৰী নাট্য মন্দিৰৰ পৰিচালনা সমিতিয়ে অতিথি শালা নিৰ্মান কৰিবলৈ আধাৰশীল স্হাপন কৰা দিনাই লাগিল কেনা । লংকাৰ বিহাৰী সম্প্ৰদায়ৰ লোকে আধাৰশীলা স্হাপনৰ বাবে অনা খুঁটা পেলাইছিল দলিয়াই।
পিছত লংকেশ্বৰী নাট্য মন্দিৰৰ পৰিচালনা সমিতিয়ে সামগ্ৰীক ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ ওচৰত এক এজাহাৰ দাখিল কৰে। আজি নাট্য মন্দিৰৰ পৰিচালনা সমিতিয়ে লংকাত এক সংবাদমেল পাতি কয় যে, কোনো কাৰণতেই চত্ পূজা সমিতিক এৰি দিয়া নহ’ব ঐতিহ্যমণ্ডিত লংকেশ্বৰী নাট্য মন্দিৰৰ মাটি। প্ৰয়োজন হ’লে আইনৰ সহায় লোৱা হ’ব। অসম দৰ্শনৰ অধীনত অসম চৰকাৰে দিয়া অনুদানেৰে চত্ পূজা অনুষ্ঠিত কৰা উক্ত ঠাইত অতিথিশালাৰ গৃহ নিৰ্মাণ কৰা হ’ব বুলি মন্দিৰৰ পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে সংবাদমেলৰ জৰিয়তে জানিব দিয়ে।