ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফুঃ নাগালেণ্ডৰ সীমামূৰীয়া কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমা এলেকাত শেহতীয়াকৈ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ আৰু আন্তঃৰাজ্যিক গাড়ীচোৰ চক্ৰৰ দপদপনি ক্ৰমাৎ বৃদ্ধি পাবলৈ লোৱাৰ সময়তে যোৱানিশা ডিলাইত আৰক্ষীয়ে এখন চুৰি বিলাসী বাহনসহ বহিঃৰাজ্যৰ এটা দুৰ্ধৰ্ষ গাড়ীচোৰ জালত পেলাবলৈ সক্ষম হয় ।
প্ৰাপ্ত তথ্য অনুসৰি, যোৱানিশা ডিলাই আৰক্ষীয়ে নিয়মীয়া তালাচীত ডব্লিউ বি – ১০ – ১৮১৮ নম্বৰৰ জীপ কম্পাছ বাহনখন জব্দ কৰাৰ লগতে এটা গাড়ীচোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত গাড়ীচোৰটো পশ্চিমবংগৰ কলিকতা জিলাৰ গৰিয়াহাট থানাৰ অন্তৰ্গত ৮১ এক ডালিয়া ৰোড, বালিগঞ্জৰ চিকন্দৰ দাস ওৰফে মুন্না বুলি চিনাক্ত কৰা হৈছে । এই সন্দৰ্ভত ডিলাই থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৭৯/৪১১ ধাৰাত ২৯/২০২০ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা হৈছে ।