নিউজ ডেক্স:
লাদাখৰ প্রকৃত নিয়ন্ত্রণ ৰেখাত (এলঅচি) চীনা ফৌজৰ মোকাবিলাৰ বাবে এইবাৰ দেশীয় প্রযুক্তিত নিৰ্মিত ক্ৰুজ ক্ষেপনাস্ত্ৰ ‘নির্ভয়’ মোতায়ন কৰিলে ভাৰতীয় সেনাই। দেশৰ প্রতিৰক্ষা গৱেষণা সংস্থা ‘ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেলপমেন্ট অর্গেনাইজেচন’ (ডিআৰডিও)ৰ নিৰ্মিত ১,০০০ কিলোমিটাৰ ক্ষমতা বিশিষ্ট এই ক্ষেপণাস্ত্রৰ অধীনত চীন অধিকৃত তিব্বত আৰু শিনজিয়াং প্রদেশৰ অধিকাংশ অঞ্চলেই গুচি আহিছে।
ডিআৰডিওৰ দাবী, ৬ মিটাৰ দৈর্ঘ্যৰ এই ক্ষেপণাস্ত্রৰ নিখুঁত লক্ষ্যত আঘাত হানি শত্রু নিধনৰ ক্ষেত্রত সাফল্যৰ হাৰ ৯০ শতাংশ। লাদাখৰ এলএচিত চীনৰ পিপলছ লিবাৰেচন আর্মিয়ে ইতিমধ্যেই ২,০০০ কিলোমিটাৰ ক্ষমতাৰ ক্ষেপণাস্ত্র মোতায়েন কৰিছে বুলি খবৰ পোহৰলৈ আহিছে। তাৰেই প্ৰত্যুত্তৰত এই পদক্ষেপ গ্ৰহণ কৰিলে ভাৰতে।
উল্লেখ্য যে ২০১৩ৰ ১২ মার্চত ‘নির্ভয়’ৰ উৎক্ষেপণ কৰা হৈছিল। কিন্তু প্রযুক্তিগত ত্রুটিৰ কাৰণেই উৎক্ষেপণৰ পিছতেই মাজপথত পৰি যায় সেইটো। ইয়াৰ পিছত ২০১৪ত সফল উৎক্ষেপণ হয় এই ক্ষেপণাস্ত্রৰ। ২০১৫ আৰু ’১৬ত দুবাৰ উৎক্ষেপণ কৰা হৈছিল, কিন্তু তেতিয়া নিখুঁত লক্ষ্যভেদত সফল হোৱা নাছিল ‘নিৰ্ভয়’।
২০১৭ত ‘নির্ভয়’ৰ পৰীক্ষামূলক সফল উৎক্ষেপণ কৰা হয়। ইয়াৰ পিছত একাধিকবাৰ এই ভূমিৰ পৰা ভূমি ‘ছাবছনিক’ (শব্দতকৈও কম গতিবেগ সম্পন্ন) ক্ষেপণাস্ত্রৰ সফল পৰীক্ষা কৰে ডিআৰডিওই। এলএচিত এইবাৰ ‘সীমিত সংখ্যা’ত সেই ক্ষেপণাস্ত্র মোতায়েন কৰা হৈছে বুলি সেনা সূত্রত প্ৰকাশ।










