নিউজ ডেক্স:
জীৱিত অৱস্থাত হাথৰসৰ নির্যাতিতাক বাৰম্বাৰ শ্বাসৰুদ্ধ কৰাৰ চেষ্টা কৰা হৈছিল। তাৰ ফলতে ভয়াৱহ ক্ষতি হৈছিল তেওঁৰ মেৰুদণ্ডৰ গুৰিৰ অংশৰ। শেষত তাৰ ফলতেই মৃত্যু হয় কিশোৰাগৰাকীৰ। পোষ্টমৰ্টেম ৰিপোর্টত এনেদৰে জনালে দিল্লীৰ ছফদৰজঙ্গ হস্পিটেলে। কিন্তু চূড়ান্ত ৰিপোর্টত ক’তো ‘ধর্ষণ’ শব্দৰ উল্লেখ নাই বুলিয়েই বিভিন্ন সংবাদ মাধ্যমৰ সূত্রত জানিব পৰা গৈছে। কিন্তু কিশোৰীগৰাকীৰ গোপনাঙ্গত যে একাধিক ক্ষত আছিল সেই কথা উল্লেখ কৰা হৈছে।
হস্পিটেলে দিয়া পোষ্টমৰ্টেম ৰিপোর্টত কোৱা হৈছে, কিশোৰীগৰাকীৰ মেৰুদণ্ড ক্ষতিগ্রস্ত হৈছিল। উল্লেখ্য যোৱা ১৪ ছেপ্টেম্বৰত দলিত কিশোৰীগৰাকীৰ ওপৰত আক্ৰমণ চলাইছিল চাৰিজনে। কিশোৰীগৰাকীক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰে তেওঁলোকৰ পৰিয়ালৰ লোকে। তাৰ পিছৰ পৰা চলা জীৱন-মৃত্যুৰ যুঁজত দিল্লীৰ ছফদৰজঙ্গ হস্পিটেলত মঙ্গলবাৰে তেওঁৰ মৃত্যু হয়।
আজি পোষ্টমৰ্টেম ৰিপোর্টত কিশোৰীগৰাকীক বাৰম্বাৰ শ্বাসৰুদ্ধ কৰাৰ চেষ্টাৰ কথাও উল্লেখ কৰা হৈছে। কিশোৰীগৰাকীৰ ডিঙিত শ্বাসৰুদ্ধ কৰাৰ চিহ্নও পোৱা গৈছে। কিন্তু চিকিৎসকসকলৰ মতে, তাৰ বাবে মৃত্যু হোৱা নাই তেওঁৰ। কোৱা হৈছে, কিশোৰীগৰাকীৰ চি৬ কশেৰুকা (ডিঙিৰ অংশত থকা কশেৰুকা) ভাঙি গৈছিল। সেই স্থানৰ পৰা অতিৰিক্ত ৰক্তপাত ঘটিছিল বুলিও জনাইছে বিশেষজ্ঞসকলে।
তেওঁলোকৰ মতে, মেৰুদণ্ডত আঘাত, ছেপছিছ আৰু হৃৎযন্ত্রৰ ক্রিয়া বন্ধ হোৱা, এই তিনিটা কাৰণতেই মৃত্যু হয় নির্যাতিতাৰ।অৱশ্যে এইটোও কোৱা হৈছে, ডিএনএ পৰীক্ষাৰ ৰিপোর্ট হাতলৈ আহিলেই স্পষ্টভাৱে বুজা যাব কেনেদৰে কিশোৰীগৰাকীৰ মৃত্যু হৈছে। দিল্লীৰ হস্পিটেল সূত্রে জনা গৈছে যে নিহত কিশোৰীগৰাকীৰ ডিএনএ সংৰক্ষণ কৰি ৰখা হৈছে আৰু অন্যান্য গুৰুত্বপূর্ণ নমুনা তদন্তকাৰী বিষয়াৰ হাতত তুলি দিয়া হৈছে।










