হাথৰসৰ নির্যাতিতাৰ ঘৰলৈ গৈ থকাত অৱস্থাত আজি মাজৰাস্তাতেই বাধা প্ৰদান কৰি ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। উল্লেখ্য যে আজি প্রিয়ঙ্কা গান্ধীসহ কংগ্রেছ নেতাসকলৰ এটি প্রতিনিধি দল এটি কনভয়েৰে হাথৰসৰ উদ্দেশ্যে ৰাওনা হয়।
মাজৰাস্তাতে তেওঁলোকক প্রথমে বাধা দিয়া হয়। কিন্তু বাধী নামানি ৰাহুল-প্রিয়ঙ্কাই স্থানীয় নেতা-কর্মীসকলৰ সৈতে খোজকাঢ়িয়েই ৰাওনা হয় হাথৰসৰ দিশে। দিল্লী-উত্তৰ প্রদেশ হাইৱেৰ ওপৰতেই তেওঁলোকৰ কনভয় আবদ্ধ কৰি ৰখা হয়।
জানিব পৰা মতে, ৰাহুল-প্রিয়ঙ্কাৰ কনভয় গ্রেটাৰ নয়ডাত আহি উপস্থিত হোৱাৰ লগে লগেই বাধা প্ৰদান কৰে আৰক্ষীয়ে। ফলত গাড়ীৰ পৰা নামি উত্তৰ প্রদেশ-দিল্লী হাইৱেৰে খোজকাঢ়িবলৈ আৰম্ভ কৰে তেওঁলোকে।
তাৰ পৰা কিছু দূৰ আগবাঢ়োতেই ৰাহুল-প্রিয়ঙ্কাক আবদ্ধ কৰে আৰক্ষীয়ে। আৰম্ভ হয় হতাহতি। ৰাহুলক আৰক্ষীয়ে গঁতিয়াই দিয়াও দেখা যায়। পিছত গ্রেপ্তাৰ কৰা হয় কংগ্রেছ সাংসদ গৰাকীক।