ষ্টাফ ৰিপ’ৰ্টাৰ:
হাথৰসৰ ঘটনাৰ উত্তেজনা শাম নাকাটোতেই পুনৰ গণধৰ্ষণৰ ফলত মৃত্যুৰ ঘটনা ঘটিল উত্তৰ প্ৰদেশত। এইবাৰ লক্ষ্ণৌৰ পৰা ১৫০ কিলোমিটাৰ দূৰত বলৰামপুৰত কামনাৰ বলি হ’ল এগৰাকী ২২ বছৰীয়া দলিত যুৱতী। নির্যাতনৰ পিছত তেওঁ যেতিয়া ঘৰলৈ ঘূৰি আহিছিল তেতিয়া তেওঁৰ দেহত আছিল একাধিক আঘাতৰ চিন। ঠিক মতে থিয় হৈ থকাৰো ক্ষমতা নাছিল তেওঁৰ। হস্পিটেললৈ লৈ যোৱাৰ পথতেই তেওঁৰ মৃত্যু হয়। বুধবাৰে আৰক্ষীয়ে এই ঘটনাৰ কথা জনায়।
উল্লেখ্য যে দলিত যুৱতীগৰাকী এটি ব্যক্তিগত কোম্পানীত কাম কৰিছিল। নির্যাতিতাৰ মাতৃয়ে জনোৱা মতে, পুৱা কামলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল তেওঁ৷তাৰ পিছৰ পৰা মোবাইলতো পোৱা নাছিল। সন্ধ্যা হৈ ৎোৱাৰ পিছতো ঘৰলৈ ঘূৰি নহা দেখি আৰক্ষীক খবৰ দিয়া হয়৷ কামলৈ যোৱাৰ পথতেই দলিত যুৱতীগৰাকীক অপহৰণ কৰা বুলি অভিযোগ কৰে তেওঁৰ মাতৃয়ে।
ইয়াৰ পিছত ৰিক্সাৰে জীয়ৰীক ঘৰলৈ ঘূৰি অহা দেখে তেওঁলোকে। তেতিয়া তেওঁ ঠিকমতে খোজকাঢ়িব পৰা বা কথা ক’ব পৰা অৱস্থাত নাছিল। তেওঁৰ মাতৃয়ে কয়, ‘‘আমাৰ জীয়ৰীয়ে কান্দিছিল আৰু কৈছিল, ‘মোক বচোৱা, মই মৰিব নিবিচাৰো’।’’
ইয়াৰ পিছত তেওঁক স্থানীয় হস্পিটেললৈ লৈ যোৱা হয়। কিন্তু অৱস্থা গুৰুতৰ হোৱাত তেওঁক লক্ষ্ণৌ হস্পিটেললৈ নিয়াৰ পৰামর্শ দিয়ে চিকিৎসকে। লক্ষ্ণৌলৈ লৈ যোৱাৰ পথতেই তেওঁৰ মৃত্যু হয়।