ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আজি অসম আৰক্ষী দিৱস : বিগত এটা বছৰত কাৰ্বি আংলং আৰক্ষীৰ বিশেষ সফলতা

ASSAM TIMES POST by ASSAM TIMES POST
October 1, 2020
Reading Time: 2 mins read
A A
0
আজি অসম আৰক্ষী দিৱস : বিগত এটা বছৰত কাৰ্বি আংলং আৰক্ষীৰ বিশেষ সফলতা

logo new 2 1 1 1 | ASSAM TIMES POST

RELATED POSTS

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

বিশেষ প্ৰতিবেদন:

আজি অসম আৰক্ষী দিৱস৷ প্ৰতিবছৰে ১ অক্টোবৰৰ দিনটো অসম আৰক্ষী দিৱস হিচাপে পালন কৰা হয়৷ আইন-শৃংখলাৰ লগতে জনসাধাৰণৰ সৰ্বস্তৰৰ নিৰাপত্তাত অতন্দ্ৰ প্ৰহৰীৰূপে থকা আৰক্ষীৰ লোকসকলৰ সন্মানাৰ্থে এই দিৱসটি প্ৰতিবছৰে উদযাপন কৰি অহা হৈছে৷ লগতে সমাজ তথা দেশৰ বাবে আৰক্ষীৰ লোকসকলে পালন কৰি অহা ভূমিকাৰ শলাগ, কৃতজ্ঞতা আৰু সন্মানৰ দিন হিচাপে এই দিনটো পালন কৰা হয়৷

e4b9ecb1 3e51 4b5b b464 a69d01b0f623 | ASSAM TIMES POSTবিগত বছৰবোৰত এই দিৱসটো আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হৈছিল যদিও এই বছৰ কৰোনা মহামাৰীৰ বাবে কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰিহে দিৱসটো উদযাপন কৰা হৈছে৷ অসম আৰক্ষী দিৱস উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰক্ষীৰ লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অসম আৰক্ষীৰ কৰ্তব্যনিষ্ঠা আৰু দায়িত্ব পালনৰ ভূমিকাৰ শলাগ লয়৷

ৰাজ্যৰ ৩.৩ কোটি জনসাধাৰণৰ ধন-জন ৰক্ষাত নিয়োজিত হৈ থকা প্ৰতিগৰাকী আৰক্ষীলৈ তেওঁ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে আগন্তুক দিনত অসম আৰক্ষীয়ে অধিক কৃতকাৰ্যতাৰে কামত নিয়োজিত হোৱাৰো আশা প্ৰকাশ কৰে৷

আছাম টাইমছ পোষ্টৰ তৰফৰ পৰাও অসম আৰক্ষী দিৱস উপলক্ষে ৰাজ্যৰ সকলো আৰক্ষীৰ লোকলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷

আনহাতে ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে কাৰ্বি আংলঙতো পালন কৰা হয় ৭০ সংখ্যক অসম আৰক্ষী দিৱস।পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ পৰিৱেশ-পৰিস্থিতি অন্য জিলাসমূহতকৈ স্বাভাৱিকতে পৃথক৷ এই জিলাখনত আৰক্ষীয়ে বিভিন্ন প্ৰতিকূল পৰিস্থিতি আৰু প্ৰতিবন্ধকতাৰ সন্মুখীন হৈ আহিবলগা হৈছে৷ সন্ত্ৰাসবাদীৰ দৌৰাত্ম্য, কূটাঘাতমূলক কাম, অসামাজিক চক্ৰ, চোৰাংচিকাৰী, চোৰাং সৰবৰাহ, বিভিন্ন ধৰণৰ অপৰাধীৰ বিচৰণ ভূমি, আন্তৰ্জাতিক অপৰাধী চক্ৰৰ বেআইনী ক্ৰিয়াকলাপ আদিৰ বাবে জিলাখনৰ আৰক্ষী সদা সচেতন আৰু ব্যস্ত থাকিবলগা হয়৷

তাৰ মাজতে জিলা আৰক্ষীৰ লোকসকলে এই অপৰাধ চক্ৰ আৰু অপৰাধমূলক ক্ৰিয়াকলাপৰ বিৰুদ্ধে সাহস আৰু বুদ্ধিমত্তাৰে যুঁজি আহিছে আৰু কঠোৰ হাতেৰে অপৰাধ দমন কৰি আহিছে৷ লগতে সাধাৰণ জনতাক সকলো প্ৰকাৰৰ ৰক্ষণাবেক্ষণত গুৰুত্বসহকাৰে নিয়োজিত হোৱাই নহয় দেশৰ অখণ্ডতা আৰু শান্তি-শৃংখলা অটুট ৰাখি অসম আৰক্ষীৰ মৰ্যাদা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷

শেহতীয়াভাৱে কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক হিচাপে দেৱজিৎ দেউৰীয়ে জিলাখনৰ আইন-শৃংখলা ৰক্ষা বিভাগৰ দায়িত্ব গ্ৰহণৰ পিছত জিলা আৰক্ষীৰ চমকপ্ৰদ পৰিৱৰ্তন লক্ষ্য কৰা হৈছে৷ বিশেষকৈ তেওঁৰ যোগ্য নেতৃত্ব, কৰ্তব্যনিষ্ঠা, সৰ্বসাধাৰণৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু অসাধাৰণ ব্যক্তিত্বৰ বাবে জিলা আৰক্ষী বিভাগটোৱে জনসাধাৰণৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছে৷

জিলাখনৰ আইন-শৃংখলা ৰক্ষাৰ লগতে বিভিন্ন অপৰাধমূলক কাৰ্য কঠোৰ হাতেৰে দমন, কূটাঘাত, অপৰাধ, চোৰাং কাৰবাৰ, অসামাজিক কাৰ্যকলাপ আদি প্ৰতিৰোধত অহৰ্নিশে ব্ৰতী হৈ বৃহৎ সফলতাও লাভ কৰিছে৷ আনহাতে, সৰ্বসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ ক্ষেত্ৰত কাৰ্বি আংলং আৰক্ষীৰ ভূমিকাৰ কথা উল্লেখ কৰিবই লাগিব৷

সেয়ে বৰ্তমান দেৱজিৎ দেউৰীৰ নেতৃত্বত জিলাখনৰ আৰক্ষীৰ ওপৰত সাধাৰণ ৰাইজৰ আস্থা আৰু বিশ্বাস অতি গভীৰ হোৱা পৰিলক্ষিত হৈছে৷ এই ছেগতে কাৰ্বি আংলং জিলা আৰক্ষীৰ প্ৰতিগৰাকী সদস্যক আছাম টাইমছ পোষ্টৰ তৰফৰ পৰা অসম আৰক্ষী দিৱসৰ শুভেচ্ছা জনালোঁ৷

এইখিনিতে বিগত এটা বছৰত কাৰ্বি আংলং জিলা আৰক্ষীয়ে বিভিন্ন ক্ষেত্ৰত লাভ কৰা সফলতাৰ কিছু উল্লেখ কৰিলোঁ৷

ড্ৰাগছ তথা সন্দেহযুক্ত নিচাযুক্ত দ্ৰব্যঃ

DrugP 1 | ASSAM TIMES POST

গাঞ্জা ৪৮৩ কেজি ৫০৫ গ্ৰাম, হেৰইন-ব্ৰাউন ছুগাৰ ৮ কেজি ৪৭২ গ্ৰাম, য়াব টেবলেট ১,০১,০২৫টা, এছপি টেবলেট ২৮,০৮০টা৷ আনহাতে, এই সংক্ৰান্তত মুঠ ২২জন অপৰাধীক গ্ৰেপ্তাৰ কৰে কাৰ্বি আংলং আৰক্ষীয়ে৷

জব্দ কৰা গাড়ীসমূহ হৈছেঃ

এলপিআৰ ১৩২৩ টিপাৰ এখন, বুলেট বাইক এখন, বলেৰো এখন, ১২০ এখন, ক্ৰেটা ৫খন, বেলেনো ৩খন, মাৰুতি ছুইফট ৩খন, অল্টো এখন, স্কৰপিঅ’ ৩খন, ব্ৰেজা ৩খন, ফৰচুনাৰ এখন, ডিআই ট্ৰাক ৩খন, জীপ কেম্পাছ এখন৷

এই সময়ছোৱাত মুঠ সন্ত্ৰাসবাদী আৰু অপৰাধী এনকাউণ্টাৰত মৃত্যু হৈছে ৩জন৷ ইয়াৰে ডিএনএলএৰ ২জন কেডাৰ আৰু অজ্ঞাত পৰিচয়ৰ এজন৷

আনহাতে, মুঠ ২৩জন সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ কৰে কাৰ্বি আংলং আৰক্ষীয়ে৷ ইয়াৰে পিডিচিডিৰ ১১জন, ডিএনএলএ ৭জন, ইউপিআৰএফ ২জন, আলফা এজন, এনএছচিএন ২জন৷ লগতে গঁড়ৰ খৰ্গৰ চোৰাং কাৰবাৰী ৬জন আৰু হৰিণাৰ চোৰাং বেহাত জড়িত ৮জনক গ্ৰেপ্তাৰ কৰে৷

বিভিন্ন উৎসৰ পৰা উদ্ধাৰ কৰা অস্ত্ৰ-শস্ত্ৰবোৰ হৈছে :

WhatsApp Image 2020 06 02 at 7.31.24 AM | ASSAM TIMES POSTএ কে ছিৰিজৰ ৰাইফল ৫টা আৰু ৭টা মেগজিন, ৪টা মেগজিনৰ সৈতে এম ১৬ ৰাইফল এটা, জি ৩ ৰাইফল এটা, মেগজিনসহ .২২ পিষ্টল ৩টা, .৩২ পিষ্টল ২টা, সাধাৰণ পিষ্টল এটা, ৭.৬৫ এটা, এছবিবিএল/ডিবিবিএল ৫টা৷

ইয়াৰ উপৰি ৰিমট কণ্ট্ৰ’লসহ আইইডি এটা আৰু গ্ৰেনেড এটাও বিগত বছৰত কাৰ্বি আংলং আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

ইয়াৰ উপৰি বিগত এটা বছৰত (১ অক্টোবৰ, ২০১৯ৰ পৰা ৩০ ছেপ্টেম্বৰ, ২০২০) বিবিন্ন পৰ্যায়ৰ আৰক্ষীৰ লোকে বিবিন্ন সন্মান আৰু পুৰষ্কাৰ লাভ কৰাৰ লগতে সাধাৰণ জনতাকো সন্মানিত কৰে৷ সেইবোৰ হৈছেঃ

২০২০ৰ স্বাধীনতা দিৱসৰ আৰক্ষী মেডেল (মেধা সেৱা) লাভ কৰে ৩জনে, ২০২০ৰ মুখ্যমন্ত্ৰী মেডেল (মেধা সেৱা) লাভ কৰে ৩জনে৷
আনহাতে, ২০২০ৰ ডিজিপি কমেনডেচন (ৰূপ) মেডেল লাভ কৰে ২জনে, ডিজিপি কমেনডেচন চাৰ্টিফিকেট লাভ কৰে ৩জনে৷

ডিজিপি (চিআৰ) প্ৰশংসা-পত্ৰ লাভ কৰে ১৮জনে৷ ইয়াৰে এজন এছপি, এছডিপিঅ’ এজন, পৰিদৰ্শক এজন, এছআই ১০জন, এএছআই এজন, ইউবিচি ৪জন, এনকে (ইউবি) এজন৷
এছপি প্ৰসংসা-পত্ৰ লাভ কৰে ৬৬জনে৷ ইয়াৰে ভিতৰত আৰক্ষীৰ লোক, ভিডিপি আৰু অসামৰিক লোকো আছে৷

আ্‌হাতে, এছপি আৰ্থিক পুৰষ্কাৰ লাভ কৰে ১৭৫জনে৷ ইয়াৰে ভিতৰত এএছআই ৮জন, এইচএভি ৭জন, হেড কনষ্টেবল ৪জন, কনষ্টেবল ১১৩জন, হোম গাৰ্ড ৩৮জন, এনকে ৪জন আৰু এলএনকে এজন৷

Tags: karbi anglong
Share4Tweet3Send

Related Posts

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
ADVERTISEMENT
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

June 30, 2026
50
Manipur NH-2 Protest : Kuki-Zo Clash, Security Fires Tear Gas
NORTHEAST

Manipur NH-2 Protest : Kuki-Zo Clash, Security Fires Tear Gas

June 30, 2026
50
Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত
National-International

Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত

June 30, 2026
50
Indian Railway : ভাৰতীয় ৰে’লৱেত নতুন দিগন্তৰ সূচনা, দেশত চলিব প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে’ল
National-International

Indian Railway : ভাৰতীয় ৰে’লৱেত নতুন দিগন্তৰ সূচনা, দেশত চলিব প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে’ল

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

June 30, 2026
Manipur NH-2 Protest : Kuki-Zo Clash, Security Fires Tear Gas

Manipur NH-2 Protest : Kuki-Zo Clash, Security Fires Tear Gas

June 30, 2026
Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত

Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx