নিউজ ডেস্কঃ
নেচনেল ক্রাইম ৰেকর্ড ব্যুৰো (এনচিআৰবি)ৰ ৰিপোর্টত প্ৰকাশ পাইছে নাৰী সম্পৰ্কীয় অপৰাধ ভয়ংকৰ তথ্য। ৰিপোর্টত প্ৰকাশ পোৱা মতে, ২০১৮তকৈ ২০১৯ত নাৰী সংক্ৰান্তীয় অপৰাধ বৃদ্ধি পাইছে ৭.৩ শতাংশ। এনচিআৰবিৰ ৰিপোর্ট অনুসৰি, ২০১৯ বৰ্ষত মুঠ ৪ লাখ ৫ হাজাৰ ৮৬১টা নাৰীজনিত অপৰাধ ঘটনা সংঘটিত হৈছে। আনহাতে, এই সংখ্যা ২০১৮ত আছিল ৩ লাখ ৭৮ হাজাৰ ২৩৬ আৰু ২০১৭ত ৩ লাখ ৫৯ হাজাৰ ৮৪৯। ২০১৯ বৰ্ষত প্রতি এক লাখ নাৰীৰ বিপৰীতে ৬২.৪গৰাকী বিভিন্ন প্ৰকাৰে অত্যাচাৰৰ বলি হৈছে। ২০১৮ বৰ্ষত এই সংখ্যা আছিল ৫৮.৮।
নাৰীজনিত অত্যাচাৰৰ ঘটনাত শীর্ষত যোগী ৰাজ্য উত্তৰ প্রদেশ। দেশৰ মুঠ অপৰাধৰ ১৪.৭ শতাংশই সংঘটিত হৈছে উত্তৰ প্ৰদেশত। ইয়াৰ পিছত ১০.২ শতাংশ ৰাজস্থানত আৰু ৯.২ শতাংশ সংঘটিত হৈছে মহাৰাষ্ট্রত।
আনহাতে, নিৰ্যাতনৰ সন্মুখীন হোৱা নাৰীসকলৰ ভিতৰত স্বামী বা নিকট আত্মীয়ৰ হাতত ১ লাখ ২১ হাজাৰৰো অধিক নাৰী নিৰ্যাতিত হৈছে। মুঠ অপৰাধৰ ২১.৮ শতাংশ শ্লীলতাহানি বা যৌন নিৰ্যাতন। এনচিআৰবিৰ তথ্য মতে, ছোৱালীসকলৰ ওপৰত সংঘটিত মুঠ অপৰাধৰ ১৭.৯ শতাংশ অপহৰণ আৰু ৭.৯ শতাংশ ধৰ্ষণৰ ঘটনা।
দেশত ২০১৭ত ৩২ হাজাৰ ৫৫৯টা ধর্ষণৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০১৮ত ৩৩ হাজাৰ ৩৫৬গৰাকী না ৰীধৰ্ষণৰ চিকাৰ হৈছিল। ২০১৯ত এই সংখ্যা ৩২ হাজাৰ ৩৩। অর্থাৎ ২০১৯ বৰ্ষত দেশৰ বিভিন্ন প্রান্তত প্রতিদিনে গড়ে ৮৭গৰাকী নাৰী ধর্ষণৰ চিকাৰ হৈছে। আনহাতে প্ৰায় ৫ হাজাৰ নাবালিকা ২০১৯ত ধর্ষণৰ বলি হৈছে। ধর্ষণৰ ঘটনাত শীৰ্ষত থকা ৰাজ্যসমূহৰ ভিতৰত আছে ৰাজস্থান, উত্তৰ প্রদেশ আৰু মধ্য প্রদেশৰ নাম। লগতে মহাৰাষ্ট্র, কেৰালা, হাৰিয়ানা, অসম, ঝাৰখণ্ডো তালিকাৰ শীৰ্ষৰ ফালে আছে।