
গণধর্ষণ কাণ্ডত ক্রমাত চাপ বাঢ়িছে যোগী আদিত্য নাথ চৰকাৰৰ ওপৰত। আৰক্ষী প্রশাসনৰ ভূমিকাত বৃদ্ধি পাইছে ক্ষোভ। নিশাৰ ভিতৰতে যেনেদৰে পৰিয়ালৰ অনুপস্থিতিত লুকাই চোৰকৈ দলিত কিশোৰীৰ মৃতদেহ জ্বলাই দিয়া হৈছে, তাক লৈও প্রশ্নৰ মুখত যোগীৰ আৰক্ষী। এই পৰিস্থিতিত এইবাৰ পৰিস্থিতি নিয়ন্ত্ৰণত নামিল উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী। তদন্তৰ তিনিগৰাকী সদস্যৰ পেনেল গঠনৰ ঘোষণা কৰি জনালে, প্রধানমন্ত্রীয়ে এই বিষয়ত তেওঁৰ লগত কথা পাতিছে। যোগীয়ে কয়, ‘দোষীসকলৰ কঠোৰ শাস্তি হোৱা উচিত’ বুলি মন্তব্য কৰিছে নৰেন্দ্র মোদীয়ে।










