নিউজ ডেক্স:
ভাৰতৰ উপৰাষ্ট্রপতি এম ভেঙ্কাইয়া নাইডুৰ শৰীৰত ক’ৰোনা সংক্রমণ ধৰা পৰিছে। মঙ্গলবাৰে পুৱা ৭১ বছৰীয়া উপৰাষ্ট্রপতিগৰাকীৰ ৰুটিন কোভিড ১৯ টেষ্ট হৈছিল। তাত ৰিপোর্ট পজিটিভ আহিছে। অৱশ্যে তেওঁ উপসর্গহীন আৰু বর্তমান তেওঁৰ শাৰীৰিক অৱস্থা ভালে আছে। উপৰাষ্ট্রপতিগৰাকীক হোম কোৱাৰেন্টিনত থকাৰ পৰামর্শ দিয়া হৈছে।










