
পুৰা ১৪ দিনৰ জীনৱ-যুদ্ধৰ অৱসান ঘটিল। দিল্লীৰ ছফদৰজং হস্পিটেলত মৃত্যু হ’ল গণধর্ষণৰ বলি হোৱা উত্তৰ প্রদেশৰ হাথৰাছৰ দলিত তৰুণীৰ। সোমবাৰে তেওঁক উন্নত চিকিৎসাৰ বাবে আলিগড়ৰ জৱাহৰলাল নেহৰু মেডিকেল কলেজ হস্পিটেলৰ পৰা দিল্লীলৈ অনা হৈছিল।
আৰক্ষী সূত্রে জানিব পৰা মতে, গণধর্ষণৰ পিছত শ্বাসৰুদ্ধ কৰি হত্যা কৰাৰ চেষ্টা কৰা হয় ১৯ বছৰৰ কিশোৰীগৰাকীক। সেই সময়ত তেওঁৰ জিভাৰ একাধিক স্থানত কটা যায়। তেওঁৰ দুয়োখন ভৰি আৰু এখন হাতত কোনো জ্ঞান নাছিল বুলিও জনায় আলিগড় হস্পিটেল কৰ্তৃপক্ষই। তাৰ পিছতো মেজিষ্ট্ৰেটৰ ওচৰত দিয়া ভাষ্যত ধর্ষণকাৰী কেইটাৰ নাম কৈ গৈছে তেওঁ। অভিযুক্ত কেইজনৰ বিৰুদ্ধে ৩০৭ আৰু ৩৭৬ডি ধাৰাত অভিযোগ অনা হৈছে।
উল্লেখ্য, বিগত ১৪ ছেপ্টেম্বৰত মাতৃৰ সৈতে পথাৰলৈ গৈছিল কিশোৰীগৰাকী। তেতিয়াই তেওঁক অপহৰণ কৰি নির্মম অত্যাচাৰ চলায় অভিযুক্তকেইজনে। ইতিমধ্যে ৪ অভিযুক্তক গ্রেপ্তাৰ কৰিছে আক্ষীয়ে। চাৰিওজনেই উচ্চবর্ণৰ।










