নিউজ ডেক্স:
বিহাৰ বিধানসভা নির্বাচনৰ দিন ঘোষণা কৰাৰ পিছত এইবাৰ দেশৰ ১১খন ৰাজ্যৰ ৫৪খন বিধানসভা আৰু এখন লোকসভা আসনৰ উপ নির্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে। মঙ্গলবাৰে নির্বাচন আয়োগে জনোৱা মতে, অহা ৩ নৱেম্বৰত দেশৰ ১১খন ৰাজ্যৰ উপ নির্বাচন সম্পন্ন কৰা হ’ব। আৰু ১০ নৱেম্বৰত হ’ব ভোট গণনা।
মঙ্গলবাৰে এক সংবাদমেলত নির্বাচন আয়োগে জনায় যে দেশৰ যি ১১খন ৰাজ্যত উপ নির্বাচন সম্পন্ন হ’ব সেইকেইখন হৈছে ছত্তিশগড়, গুজৰাট, ঝাৰখণ্ড, হাৰিয়ানা, কর্ণাটক, মধ্যপ্রদেশ, মণিপুৰ, নাগালেণ্ড, ওড়িশা তেলেঙ্গানা আৰু উত্তৰ প্রদেশ। যি ১১খন ৰাজ্যত উপ নির্বাচন অনুষ্ঠিত হ’ব তাৰ ভিতৰত সকলোতকৈ বেছি আসন মধ্যপ্রদেশত। মধ্যপ্রদেশৰ চৰকাৰ সলনি আৰু দলত্যাগৰ কাৰণেই বৃহৎ সংখ্যক আসনত এইবাৰ উপ নির্বাচন অনুষ্ঠিত হ’ব।










