নগাঁও : ১০৮ এম্বুলেঞ্চেৰে চিকিৎসালয়লৈ অনা অৱস্থাত এগৰাকী কোভিড আক্ৰান্ত প্ৰসূতিয়ে এম্বুলেঞ্চৰ ভিতৰতে এটি সন্তান প্ৰসৱ কৰে। প্ৰাপ্ত খবৰ মতে, নগাঁৱৰ ম’হখুলিস্হিত স্ত্ৰী আৰু প্ৰসূতিৰোগী কেন্দ্ৰলৈ চিকিৎসাৰ বাবে আহি থকা অৱস্থাতে লংকাৰ ৰূপালী আচাৰ্যী নামৰ এগৰাকী প্ৰসূতিয়ে এম্বুলেঞ্চৰ ভিতৰতে এটি সন্তান প্ৰসৱ কৰে । কোভিড আক্ৰান্ত প্ৰসূতিগৰাকীক হোজাই জিলাৰ পৰা নগাঁৱলৈ চিকিৎসাৰ বাবে অনা হৈছিল।
কিন্তু নগাঁৱৰ ম’হখুলি স্থিত চিকিৎসালয় আহি পোৱাৰ পূৰ্বেই প্ৰসূতিগৰাকীয়ে এম্বুলেঞ্চৰ ভিতৰতে সন্তানটি প্ৰসৱ কৰে।
আনহাতে কোভিড ৰোগীৰ বাবে কোনো ব্যৱস্থা নথকা চিকিৎসালয়খনত প্ৰসূতিগৰাকীক লৈ বিপাঙত পৰে স্বাস্থ্যকৰ্মীসকল। বৰ্তমান চিকিৎসালয়খনত থকা আন প্ৰসূতিৰ দেহলৈ যাতে কৰ’না সংক্ৰমিত নহয় তাৰ বাবে প্ৰসূতিগৰাকীক আছূতীয়াকৈ ৰখা হৈছে। অৱশ্যে বৰ্তমানলৈকে প্ৰসূতি আৰু সন্তান দুয়োৰে অৱস্থা সুস্থ বুলি জানিব পৰা গৈছে ।