নিউজ ডেক্স:
আগন্তুক বছৰৰ মাৰ্চ মাহৰ ভিতৰতে দেশত ক’ৰোনা ভেকচিন উপলব্ধ হ’ব। এই কথা জনালে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডঃ হৰ্ষবৰ্ধনে।
টীকা সন্দৰ্ভত বক্তব্য প্ৰকাশ কৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে দেশত কোভিডৰ প্ৰথমটো টীকা উপলব্ধ হ’ব ২০২১ চনৰ প্ৰথম তিনিমাহৰ ভিতৰতে। ইয়াৰ বিকাশৰ বাবে গৱেষণাৰ কাম পূৰ্ণ গতিত চলি থকা বুলিও তেওঁ লগতে প্ৰকাশ কৰে।
তেওঁ বৰ্তমান দেশত তিনিটা কোভিড ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল চলি থকাৰ কথা উল্লেখ কৰে।এইখিনিতে উল্লেখ কৰিব লাগিব যে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক আশ্বস্ত কৰি কৈছিল যে কোভিড ভেকচিনক লৈ দেশৰ জনসাধাৰণৰ মাজত সংশয় সৃষ্টি হোৱাৰ কোনো কাৰণ নাই। প্ৰয়োজনত তেওঁ এই টীকা প্ৰথমে নিজে ল’বলৈ প্ৰস্তুত বুলিও মন্তব্য কৰে।










