![]()
নিউজ ডেক্স:
১৯৯২ চনৰ ৬ ডিচেম্বৰত অযোধ্যাত ৰামভক্তসকলৰ আক্ৰমণত গুড়ি হৈ গৈছিল শতাব্দীপ্রাচীন বাবৰি মছজিদ। তাৰ ফলশ্ৰুতিত দেশজুৰি গোষ্ঠীগত হিংসাত নিহত হয় ১,৮০০ জন। ২৮ বছৰ পিছত ৩০ ছেপ্টেম্বৰ বুধবাৰে মছজিদ ধ্বংস গোচৰৰ ৰায়দান কৰিবলৈ আগবাঢ়িছে লক্ষ্ণৌৰ বিশেষ চিবিআই আদালত।
অৱশ্যে এই সুদীৰ্ঘ সময়ৰ ভিতৰত অযোধ্যাত বিতর্কিত ভূমিৰ মালিকানা গোচৰ নিষ্পত্তি কৰিছে ছুপ্রিম কোৰ্টে। যোৱা ৯ নৱেম্বৰত পাঁচজনীয়া ন্যায়াধীশৰ খণ্ড বিচাৰপীঠত চুন্নি ৱাকফ বোর্ডৰ দাবী খাৰিজ কৰি তাত ৰামমন্দিৰ নির্মাণৰ নির্দেশ দিয়ে। কিন্তু বাবৰি মছজিদ ভঙাৰ ঘটনাটোক ‘আইনৰ শাসনৰ গুৰুতৰ উলঙ্ঘন’ বুলিও আখ্যা দিয়ে শীর্ষ আদালতে।

এই গোচৰত মুঠ ৪৯ জন অভিযুক্তৰ ভিতৰত ১৭জনৰ মৃত্যু হৈছে। এওঁলোকৰ ভিতৰত আছে বিশ্ব হিন্দু পৰিষদৰ নেতা অশোক সিঙ্ঘল, গিৰিৰাজ কিশোৰ, বিষ্ণুহৰি ডালমিয়া। জীৱিত আছে লালকৃষ্ণ আডৱানি, মুৰলিমনোহৰ যোশী, উমা ভাৰতী তথা অন্যান্যসকল। ৮৯৪ জন সাক্ষীৰ ভিতৰত ১৩৪জনৰ মৃত্যু হৈছে, বহুতো নিখোঁজ।
এতিয়া এই ৩০জন বিজেপিৰ নেতাৰ ওপৰত আদালতে কি ৰায় প্ৰদান কৰিব তাৰ ওপৰত দেশবাসীৰ দৃষ্টি নিবদ্ধ আদালতৰ কাইলৈৰ ৰায়ৰ ওপৰত৷










