
বিশ্ব মানৱাধিকাৰ সংস্থা এমনেষ্টি ইণ্টাৰনেচনেলে ভাৰতত বন্ধ কৰিলে সকলো কামকাজ। সংস্থাটোৰ বেংক একাউণ্টসমূহ চৰকাৰে ফ্ৰিজ কৰি দিয়াৰ ফলত ভাৰতত সঙ্কটত পৰে সংস্থাটো। যাৰ ফলত সংস্থাটোৱে ভাৰতত তেওঁলোকৰ সকলো কামকাজ বন্ধ কৰিবলৈ বাধ্য হয়৷ লগতে অৰ্থনৈতিক সংকটত পৰি কর্মচাৰীসকলকো এৰি দিয়াৰ সিদ্ধান্ত লয় এমনেষ্টিয়ে।
কেন্দ্ৰীয় চৰকাৰৰ অভিযোগ, ভাৰতত কোনো সংস্থাই বিদেশী অনুদান ল’বলৈ হ’লে বৈদেশিক অনুদান (নিয়ন্ত্রণ) আইনত পঞ্জীভুক্ত হোৱাটো বাধ্যতামূলক। কিন্তু এমনেষ্টি ইণ্টাৰনেচনেলে সেয়া নকৰাৰ অভিযোগ কৰিছে কেন্দ্ৰই। আনহাতে, অলাভজনক সংস্থাই এফডিআই অৰ্থাৎ প্রত্যক্ষ বিদেশী বিনিয়োগ হিচাবে বিদেশী ধন ল’ব নোৱাৰে। এই ক্ষেত্ৰতো এমনেষ্টিয়ে নিয়ম ভংগ কৰা বুলি কেন্দ্রীয় গৃহ মন্ত্রালয়ে অভিযোগ কৰিছে। যাৰ ফলত ইডিয়ে সংস্থাটোৰ একাউণ্টছ ফ্ৰিজ কৰা বুলি গৃহ মন্ত্ৰালয়ে জনাইছে।
আনহাতে, এই প্ৰসংগত এমনেষ্টি ইণ্টাৰনেচনেলে এক প্ৰেছ বিবৃত্তিত জনাইছে যে সংস্থাটোৰ ভাৰতৰ সকলো বেঙ্ক একাউণ্টসমূহ ফ্রিজ কৰি দিয়াৰ কথা যোৱা ১০ ছেপ্টেম্বৰত জানিব পাৰে। যাৰ ফলত বাধ্য হৈ সংস্থাটোৱে তেওঁলোকৰ সকলো কামকাজ বন্ধ কৰি দিছে।










