
বৰ্তমান চেলফিৰ যুগ৷ চেলফি তুলি ছ’চিয়েল মিডিয়াত আপলোড দিয়াটো বৰ্তমান প্ৰায় প্ৰতিজনৰে চখ৷ ইয়াৰ ফলত নিজকে প্ৰকাশ কৰাৰ এক উত্তম মাধ্যম হিচাপে পায় ছ’চিয়েল মিডিয়াক৷ কিন্তু বহু ক্ষেত্ৰত চেলফি উঠিবলৈ গৈ অথন্তৰ ঘটাৰ খবৰো লাভ কৰা যায়৷ তেনে এক ঘটনাই ঘটিল ভূপালত ৷
ভূপালৰ পৰা প্রায় ৪০ কিঃমি দূৰৈত অৱস্থিত হাল্লাল বান্ধত ঘটিল তেনে এক দুর্ঘটনা। এই অঞ্চলটো প্রাকৃতিক সৌন্দর্যৰ বাবে জনপ্রিয়। বহুতেই অৱসৰ বিনোদনৰ বাবে ইয়ালৈ প্রকৃতিৰ সৌন্দর্য উপভোগ কৰিবলৈ আহে।
দেওবাৰে ছুটিৰ দিন হোৱাত ভূপালৰ কলাৰ চহৰৰ ডঃ উৎকৃর্ষ মিশ্র আৰু তেওঁৰ পত্নী হিমানিয়ে হাল্লাল বান্ধ চাবলৈ আহিছিল। কিন্তু চেলফি উঠিবলৈ গৈ হঠাৎ বান্ধৰ পানীত পৰি যায় হিমানি ৷
ডঃ উৎকর্ষ মিশ্রই জনোৱা মতে, তেওঁ তেওঁৰ মোবাইলত অহা এটি মেছেজ চাই থকাৰ সময়তেই তেওঁৰ পত্নীয়ে মোবাইলত চেলফি তুলিবলৈ আৰম্ভ কৰে। ছেলফি তোলাৰ নিচাত তেওঁ ভাৰসাম্য হেৰুৱাই পেলায় আৰু ১০ৰ পৰা ১২ ফুট তলৰ পানীত পৰি যায়।
খবৰ পোৱা মাত্ৰকে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। তৎক্ষণাৎ উদ্ধাৰকাৰ্য আৰম্ভ কৰা হয়। ওৰে ৰাতি উদ্ধাৰ অভিযান চলালেও হিমানীৰ সন্ধান লাভ কৰা নাযায়। সোমবাৰে পুৱা পুনৰ উদ্ধাৰ অভিযান আৰম্ভ হয়। কিন্তু হিমানিৰ সন্ধান পোৱা হোৱা নাই।










