নিউজ ডেক্স:
প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত চলি থকা উত্তেজনাৰ মাজতেই ভাৰতৰ সৈন্য শক্তি আৰু বৃদ্ধি পালে। ভাৰত সীমান্তত নির্ভয় ক্রুজ মিছাইল মোতায়েন কৰিছে ভাৰতে। এই মিছাইলে ১ হাজাৰ কিঃমিঃ পর্যন্ত লক্ষ্য ভেদ কৰিবলৈ সক্ষম। নির্ভয় মিছাইলক তিব্বত চীনৰ শিবিৰ উৰুৱাই দিয়াৰ উদ্দেশ্যে মোতায়েন কৰা হৈছে।
উল্লেখ্য যে পাঁচ মাহৰ বেছি সময় ধৰি ভাৰত আৰু চীনৰ মাজত উত্তেজনাময় পৰিস্থিতি চলি আছে। বহু স্থানত দুই দেশৰ সেনা মুখামুখী হৈছে। আৰু এই পৰিস্থিতিত ভাৰতে সীমান্তত সকলোতকৈ নির্ভৰযোগ্য মিছাইল মোতায়েন কৰিছে।
এই মিছাইলৰ ক্ষমতা আমেৰিকাৰ বিখ্যাত টমহক মিছাইলৰ সমান। এই মিছাইল লক্ষ্যত অবিচল। নির্ভয় ক্রুজ মিছাইল ভাৰততেই ডিজাইন আৰু নিৰ্মাণ কৰা হৈছে। এই মিছাইলৰ প্রথম পৰীক্ষণ ১২ মার্চ ২০১৩ত হৈছিল। এই মিছাইলে গুলী কৰাৰ পিছত পোনেপোনে আকাশলৈ উৰি যায়৷ ইয়াৰ পিছত বহুখিনি পথ অতিক্রম কৰি ৯০ ডিগ্রি কোণত লক্ষ্যৰ দিশে অগ্রসৰ হয়।
এই মিছাইলক ৬ মিটাৰ দৈর্ঘ আৰু ০.৫২ মিটাৰ প্ৰস্থত নিৰ্মাণ কৰা হৈছে। এই মিছাইল ০.৬ৰ পৰা ০.৭ মেক গতিত উৰিব পাৰে। ইয়াৰ সর্বাধিক ওজন ১ হাজাৰ ৫০০ কেজি। আৰু এই মিছাইলে সহজতেই ১ হাজাৰ কিঃমিঃ পর্যন্ত লক্ষ্য ভেদ কৰিবলৈ সক্ষম। ক্ষেপণাস্ত্রটৰ ইন্ধনৰ বাবে অডভান্স ছিষ্টেম লেবৰেটৰিত এটি শক্তিশালী ৰকেট মটৰ বুষ্টাৰ ব্যৱহাৰ কৰা হৈছে।










