নিউজ ডেস্ক :
বলিউডত ড্ৰাগছ সংযোগ গোচৰত তৎপ হৈছে এনচিবি। ৰেহাই পোৱা নাই অভিনেতাৰ পৰা পৰিচালক। ইতিমধ্যেই জেৰা কৰা হৈছে দীপিকা, সাৰা, ৰাকুল, শ্রদ্ধাৰ দৰে প্রথম শাৰীৰ অভিনেত্রীক।
দিনভৰ জেৰাৰ পিছত চাৰিওগৰাকী অভিনেত্রীৰ প্রত্যেকেই দাবী কৰিছে, তেওঁলোকে কোনোদিনেই ড্ৰাগছ লোৱা। তদন্তৰ স্বার্থত চাৰিওজনৰেই ফোন ৰাখি থোৱা হৈছে।
বিশেষ সূত্রৰ খবৰ মতে, এই চাৰিগৰাকী বলিউডৰ অভিনেত্রীৰ ক্রেডিট কার্ড বাজেয়াপ্ত কৰা হৈছে। তেওঁলোকৰ বেঙ্ক একাউন্ট স্টেটমেন্টও তদন্ত কৰি চাব কেন্দ্রীয় তদন্তকাৰী এই সংস্থাটোৱে।
ইতিমধ্যে তেওঁলোকৰ ক্রেডিট কার্ডৰ মাধ্যমেৰে টকাৰ লেনদেন পৰীক্ষা কৰি চোৱা হৈছে। মূলত কোনো ড্ৰাগছ বিক্রেতাৰ সৈতে আর্থিক লেনদেন হৈছে নেকি, তাক চোৱাৰ বাবেই এই পদক্ষেপ।










