ড্রাইভিং লাইচেন্স নাইবা গাড়ীৰ ৰেজিষ্ট্ৰেচন, ইঞ্চুৰেন্স, পলিউচন চার্টিফিকেট চালকে আৰু লগত নাৰাখিলেও হ’ব। ১ অক্টোবৰৰ পৰা দেশত এই বিধি কার্যকৰী হ’বলৈ আগবাঢ়িছে। ট্ৰেফিক পুলিচে পৰীক্ষা কৰিব বিচাৰিলে আৰু হার্ডকপি নেদেখালেও হ’ব।
গাড়ী সংক্রান্তীয় যাৱতীয় নথিৰ ছফ্ট কপি লগত থাকিলেই হ’ব। কিন্তু এই সুবিধা ল’বৰ বাবে গাড়ীৰ মালিক বা চালকসকলে এটা কাম অৱশ্যেই কৰিব লাগিব। ড্রাইভিং লাইছেন্স বা গাড়ীৰ অন্যান্য নথি কেন্দ্রীয় চৰকাৰৰ ‘Digi-locker’ বা ‘m-parivahan’ পর্টেলত সংযুক্ত কৰিব লাগিব। সেইটো নকৰিলে গাড়ীত হার্ডকপি ৰাখিবই লাগিব।
কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়ে জনাইছে, চালকসকলৰ হাৰাশাস্তি কমাবলৈ এইবাৰ ট্রেফিক আইনত কিছু সলনি কৰা হৈছে। ১৯৮৯ চনৰ কেন্দ্রীয় মটৰ ভেহিকেল বিধিত যি যি সংশোধনী অনা হৈছে, সেয়া ২০২০ চনৰ ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। ইয়াৰ ভিতৰত সকলোতকৈ গুৰুত্বপূর্ণ সলনি হ’ল, ড্রাইভিং লাইচেন্স, ই-চালানসহ যাৱতীয় গাড়ী সংক্রান্তীয় কাগজ-পত্র এইবাৰৰ পৰা পর্টেলৰ মাধ্যমেৰে তদাৰকী কৰা হ’ব। প্রয়োজনীয় এই নথিবোৰ আৰু গাড়ীত লৈ ঘূৰি ফুৰিব নালাগে।










