
নিউজ ডেস্কঃ কৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে ঋণৰ কিস্তি স্থগিত (মৰেটৰিয়াম)ৰ বিস্তাৰিত পৰিকল্পনা জমা দিয়াৰ বাবে আৰু এসপ্তাহৰ সময় দিলে ছুপ্ৰিম কোৰ্টে। আজি পৰিকল্পনা জমা দিয়াৰ চূড়ান্ত সময়সীমা দিছিল শীর্ষ আদালতে। কিন্তু আজি আদালতত আৰু এসপ্তাহৰ সময় বিচাৰে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই। সেই আর্জি মঞ্জুৰ কৰি অহা ৫ অক্টোবৰ পর্যন্ত চূড়ান্ত সময় দিয়ে তিনিগৰাকী ন্যায়াধীশৰ খণ্ড বিচাৰপীঠে।
আজিৰ শুনানিত তুষাৰ মেহতাই কয়, ‘‘কিছু বিষয় নিয়ন্ত্রণৰ ভিতৰত নাথাকে।’’ কেন্দ্র আৰু ৰিজার্ভ বেঙ্কৰ পক্ষত ছলিচিটৰ জেনেৰেলে জনায়, ইএমআই স্থগিতৰ পৰিকল্পনা চূড়ান্ত পর্যায়ত আছে। কিন্তু আৰু কিছু দিন সময় দিয়াৰ আর্জি জনায় তেওঁ। অৱশ্যে এসপ্তাহৰ বেছি সময় দিবলৈ ৰাজী নহয় শীর্ষ আদালত।










