নিউজ ডেক্স:
দেশৰ ভিতৰত প্রথম ৰাজ্য হিচাবে খোলা চিগাৰেট-বিড়ি বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিলে মহাৰাষ্ট্রই। ফলত এতিয়াৰে পৰা ৰাজ্যখনত পেকেট অবিহনে চিগাৰেট বা বিড়ি কিনিব নোৱাৰিব।
মূলত ধূমপায়ীসকলৰ মাজত স্বাস্থ্য সচেতনতা বৃদ্ধি কৰিবলৈয়েই এই পদক্ষেপ লোৱা হৈছে বুলি অনুমান কৰা হৈছে। ইয়াৰ ফলত বহু ধূমপায়ী বিপত্তিত পৰিলেও মহাৰাষ্ট্র চৰকাৰৰ এই পদক্ষেপক স্বাগতম জনাইছে চিকিৎসক মহলৰ একাংশই।










