নিউজ ডেক্স:
পুৰণি বন্ধু শিবসেনাই পূৰ্বতেই সঙ্গ ত্যাগ কৰাৰ পিছত এইবাৰ মিত্ৰতা ভংগ কৰে শিৰোমণি আকালি দলে। নৰেন্দ্র মোদী চৰকাৰৰ কৃষি বিলৰ প্রতিবাদত দেশজোৰা বিক্ষোভৰ মাজতেই এইবাৰ বিজেপিৰ সঙ্গ ত্যাগ কৰিলে এনডিএত তেওঁলোকৰ সকলোতকৈ পুৰণি সঙ্গী শিৰোমণি আকালি দলে।
কৃষি বিলৰ বিৰোধিতা কৰি কেইদিনমান আগতেই কেন্দ্ৰীয় মন্ত্রিত্ব এৰিছিল আকালি দলৰ হৰসিমৰত কৌৰ বাদলে। তাৰ পিছৰ পৰাই তেওঁলোক এনডিএত থাকিবনে নাই, তাক লৈ চৰ্চা আৰম্ভ হৈছিল। আকালি দলে বাহিৰৰ পৰাই চৰকাৰক সমর্থন জনাব বুলি শুনা গৈছিল।
কিন্তু পঞ্জাব আৰু হাৰিয়ানাত প্রবল কৃষি বিক্ষোভত দলৰ ভিতৰত চাপ বৃদ্ধি পাই থাকে। তাৰ মাজতেই পঞ্জাবৰ মুখ্যমন্ত্রী অমৰেন্দ্র সিঙে কালি পুনৰ আকালি দলক কটাক্ষ কৰি কয়, ‘‘বিজেপিয়ে ডাঙৰ কর্পোৰেট হাউছৰ সৈতে হাত মিলাই পঞ্জাবৰ কৃষকসকলক বঞ্চিত কৰিছে।
আকালি দল কিহৰ স্বার্থত এতিয়াও সেই চৰকাৰৰ অংশীদাৰ হৈ আছে?’’ ইয়াৰ কেইঘণ্টামান পিছতেই দলৰ ক’ৰ কমিটিৰ বৈঠক এৰি আকালি দলৰ সভাপতি সুখবীৰ সিং বাদলে জনাই দিয়ে যে দলৰ সর্বসন্মত সিদ্ধান্তক সন্মান জনাই তেওঁলোকে এনডিএ এৰিছে। ৩ কোটি পাঞ্জাবীৰ যন্ত্রণা আৰু আবেগক সন্মান জনোৱা নাই মোদী চৰকাৰে বুলিও অভিযোগ কৰে সুখবীৰ সিঙৰ পত্নী হৰসিমৰত কৌৰ বাদলে।










