নিউজ ডেক্স:
বালাকোটৰ সন্ত্ৰাসবাদী শিবিৰ উৰুৱাই দিয়াৰ বাবে ছেটেলাইট গাইডেড ইলেকট্রো-অপটিকেল ছেন্সৰযুক্ত স্পাইচ বোমা নাইবা লাদাখৰ প্রকৃত নিয়ন্ত্রণ ৰেখাত (এলঅচি) চীনা বিমান বাহিনীৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিবলৈ ‘হেৰন’ ড্রোন আৰু ‘ফেলকন’ এয়াৰবর্ন আর্লি ৱার্নিং এণ্ড কন্ট্রোল চিষ্টেম (এৱাক্ছ)- এই প্ৰায় সকলো বোৰতেই বৰ্তমান ভাৰতীয় প্রতিৰক্ষা বাহিনী ইজৰাইলৰ ওপৰত নিৰ্ভৰশীল। এইবাৰ সামৰিক ক্ষেত্রত এই সহযোগিতাকেই নতুন মাত্রা দিবলৈ সক্রিয় হৈছে দুয়োখন দেশ।
যৌথ উদ্যোগত অত্যাধুনিক অস্ত্র আৰু সামৰিক সৰঞ্জাম উৎপাদনৰ উদ্দেশ্যে সম্প্রতি ছাব-ৱর্কিং গ্রুপ তৈয়াৰ কৰিছে ভাৰত আৰু ইজৰাইলে। দুয়ো দেশৰ প্রতিৰক্ষা সচিব আৰু সমৰাস্ত্র নির্মাতা কোম্পানীসমূহৰ প্রতিনিধিসকল এই গ্রুপত আছে। প্রতিৰক্ষা মন্ত্ৰালয়ৰ সূত্র মতে, দ্বিপাক্ষিক চাহিদা পূৰণৰ উপৰি উৎপাদিত অস্ত্র আৰু সামৰিক সৰঞ্জাম অন্য দেশত বিক্ৰীও গ্রুপটোৰ অন্যতম লক্ষ্য।
উল্লেখযোগ্য যে ভাৰতত অস্ত্র আৰু যুদ্ধ সৰঞ্জাম ৰপ্তানিকাৰক দেশবোৰৰ তালিকাত ইজৰাইলৰ স্থান চতুর্থ। ৰাছিয়া, আমেৰিকা আৰু ফ্রান্সৰ পিছতেই। বিগত বিত্তীয় বছৰত ইজৰাইলৰ পৰা প্রায় ১০০ কোটি ডলাৰ (প্রায় ৭,৩৭০ কোটি টকা)ৰ প্রতিৰক্ষা সামগ্রী আমদানি কৰা হৈছে। ভাৰতৰ প্রতিৰক্ষা আৰু গৱেষণা সংস্থা (ডিআৰডিঅ)ৰ সৈতে ইতিমধ্যেই একাধিক যৌথ কাৰ্যসূচী আৰম্ভ হৈছে।










