একেবাৰে খাঁটি সৰিয়হৰ তেলহে বিক্ৰী কৰিব লাগিব। এশ শতাংশ বিশুদ্ধ। কোনো ধৰণৰ ভোজ্য তেল মিহলাব নোৱাৰিব। অহা ১ অক্টোবৰৰ পৰা দেশত এই নিয়ম মনাৰ নির্দেশ দিলে ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অব ইণ্ডিয়াই (এফএছএছএআই)। উল্লেখ্য, বর্তমান নিয়ম অনুযায়ী সৰিয়হৰ তেলত অন্য কোনো ভোজ্য তেল ২০ শতাংশ পর্যন্ত মিহলাই বিক্ৰী কৰিব পৰা যায়। এইবাৰ সেয়া সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছে।
উল্লেখযোগ্য যে সম্প্রতি সৰিয়হৰ তেলৰ দাম বৃদ্ধি পাই গৈ আছে। এই সময়ত লাভ বৃদ্ধি কৰিবলৈ কোনো কোম্পানীয়ে বেছি মাত্রাত ভোজ্য তেল মিহলাব পাৰে বুলি আশঙ্কা কেন্দ্রৰ। তেল প্রস্তুতকাৰী কোম্পানীবোৰে যাতে সেইটো কৰিব নোৱাৰে সেইটো নিশ্চিত কৰিবলৈ এই বিষয়ত নজৰ দিবলৈ এফএছএছএআইক নির্দেশ দিয়ে কেন্দ্রই। ইয়াৰ পিছতেই নতুন নিয়ম জাৰি হ’ল। এই নিয়মত ১ অক্টোবৰৰ পৰা কেৱল মাত্র খাঁটি সৰিয়হৰ তেলহে উৎপাদন আৰু বিক্ৰী কৰিব পৰা যাব।











