নিউজ ডেক্স:
সম্প্রতি মাতৃত্বৰ বিৰল নিদৰ্শন এটি ভিডিও ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। মা, পৃথিৱীৰ সকলোতকৈ পবিত্র শব্দ। সন্তান জন্মৰ পূৰ্বৰে পৰা জীবনৰ শেষ নিঃশ্বাস পর্যন্ত সংগ্ৰাম কৰিবলগা হয় মাতৃয়ে। নিজৰ জীবনক মৃত্যুৰ দুৱাৰদলিত থিয় হ’বলৈও দ্বিতীয়বাৰ নাভাবে। কেৱল নিজৰ সন্তানে নহয় আনৰ সন্তানৰ বাবেও একেই স্নেহ– মায়াৰ প্রতিমূর্তি। আনকি অন্য প্রাণীৰ প্ৰতিও তেওঁৰ অপাৰ স্নেহ। সম্প্রতি এটা কুকুৰৰ পোৱালিক স্তনপান কৰাই ভাইৰেল হ’ল এগৰাকী মাতৃ।
https://twitter.com/BanglaHunt/status/1309754847772639233?s=20
ভাইৰেল হোৱা ভিডিওটিত দেখা গৈছে এটা সৰু কুকুৰ পোৱালিক পৰম মমতাত স্তনপান কৰাইছে এগৰাকী মহিলাই। ১৫ চেকেণ্ডৰ এই ভিডিওটি ক’ৰ জানিব পৰা হোৱা নাই। মহিলাগৰাকী সম্পর্কেও একো জনা যোৱা নাই। তথাপি মাতৃত্বৰ এই অপূর্ব সুন্দৰ ভিডিও চাই আবেগত উটি গৈছে নেট দুনিয়া।
সৌজন্য : বাংলা হান্ট










