
নিউজ ডেস্ক:
স্কুলত মহিলাসকলৰ বাথৰুমত গোপন কেমেৰা। দীর্ঘদিন ধৰি তাৰ সহায়ত কেমেৰাত বন্দী কৰা হৈছিল শিক্ষয়িত্ৰীসকলৰ একান্ত মুহূর্তৰ একাধিক ছবি। ইফালে দীর্ঘদিনৰ বেতন বাকী আছিল প্রত্যেকৰে। প্রায় সাত মাহ স্কুলৰ পৰা এক টকাও পোৱা নাই দৰমহা। এই পৰিস্থিতিত স্কুল পৰিচালনা সমিতিৰ সম্পাদকৰ পৰা সেই টকা বিচাৰোতেই গোপন আৰু আপত্তিকৰ সেই ছবি–ভিডিও দেখুৱাই শিক্ষয়িত্ৰীসকলক ব্লেকমেইল কৰাৰ অভিযোগ উঠিছে। ইতিমধ্যে স্কুল কর্তৃপক্ষৰ বিৰুদ্ধে থানাত অভিযোগ দাখিল কৰিছে সেই ৫২গৰাকী শিক্ষয়িত্ৰীয়ে। এই খবৰ পোহৰলৈ অহাৰ লগে লগে স্বাভাৱিকতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে উত্তৰ প্রদেশত।
জানিব পৰা মতে, ঘটনাটো উত্তৰ প্রদেশৰ মিৰাটৰ এখন বেচৰকাৰী স্কুলৰ। নিজৰ অভিযোগত শিক্ষয়িত্ৰী কেইগৰাকীয়ে জনায়, দীর্ঘদিন ধৰি স্কুলত মহিলাসকলৰ বাথৰুমত গোপন কেমেৰা ৰখা হৈছিল। তাৰ সহায়তেই শিক্ষয়িত্ৰীসকলৰ আপত্তিকৰ ছবি আৰু ভিডিও কৰা হয়। সম্প্রতি বকেয়া দৰমহাৰ দাবীত পৰিচালনা সমিতিৰ সম্পাদকৰ ওচৰলৈ গৈছিল শিক্ষয়িত্ৰী কেইগৰাকী। তেতিয়াই তেওঁলোকক সেই ভিডিও আৰু ছবিৰ কথা জনায় অভিযুক্ত সম্পাদকজনে। আনকি দৰমহা বিচাৰিলে সেই ছবি আৰু ভিডিও ফাদিল কৰাৰ কথাও কয়। ইয়াৰ পিছতেই পোনে পোনে থানালৈ যায় শিক্ষয়িত্ৰী কেইগৰাকী। তেওঁলোকৰ অভিযোগ লাভ কৰি ইতিমধ্যে সম্পাদকজন আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি (IPC) ৫০৪, ৩৫৪ (a) আৰু ৩৫৪ (c) ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
অৱশ্যে নিজৰ বিৰুদ্ধে উঠা এই অভিযোগ মিছা বুলি দাবী কৰিছে অভিযুক্ত ব্যক্তিজনে। তেওঁ কয়, ‘‘মহিলাসকলৰ বাথৰুমত কোনো কেমেৰা নাই। অৱশ্যে সম্প্রতি পুৰুষ বাথৰুমত কেইবাটাও কেমেৰা লগোৱা হৈছে। বহু কেইখন স্কুলত হত্যাৰ ঘটনা পোহৰলৈ অহাত কর্তৃপক্ষই এই সিদ্ধান্ত লৈছিল।’’ কিন্তু দৰমহা নিদিয়াৰ কথাটো স্বীকাৰ কৰে তেওঁ। তেওঁ কয়, কৰোনা সংক্রমণৰ কাৰণে দীর্ঘদিন ধৰি স্কুল বন্ধ। সেয়ে বেতন দিয়া হোৱা নাই শিক্ষয়িত্ৰীসকলক।










