
নিউজ ডেস্কঃ
আইপিএল আৰম্ভণিৰ পূৰ্বেই বহু কেইটা প্রিপেইড প্লেন ঘোষণা কৰিছিল ৰিলায়েন্স জিঅ’ই। সেই প্ল্যানবোৰত প্রিপেইড গ্রাহকসকলে যাতে আইপিএল মেচ চাব পাৰে তাৰো সুবিধা দিয়া হয়। এইবাৰ জিঅ’ পোষ্টপেইড গ্রাহকসকলৰ বাবেও নতুন প্লেন ঘোষণা কৰিলে। কেৱল আইপিএল চোৱাই নহয়, কেইবাটাও প্লেনে কৰোনা পৰিস্থিতিত সপৰিয়ালে ‘ৱর্ক ফ্ৰম হোম’ৰ সুবিধাও দিব।
জিঅ’ পোষ্টপেইড প্লাছ নামত পাঁচটা প্লেন ঘোষণা কৰা হৈছে। তাৰ বাবে মাহিলি ব্যয় হ’ব ৩৯৯ টকা, ৫৯৯ টকা, ৭৯৯ টকা, ৯৯৯ টকা আৰু ১,৪৯৯ টকা। কোম্পানীটোৱে জনোৱা মতে, ২৪ ছেপ্টেম্বৰৰ পৰা এই প্লেনবোৰ কার্যকৰী হ’ব। সকলো কেইটা প্লেনৰ লগতে পোৱা যাব বিনামূল্যে এমাজন প্রাইম, ডিজনি প্লাছ হটষ্টাৰ আৰু নেটফ্লিক্সৰ ছাবস্ক্রিপচন।
জিঅ’ পোষ্টপেইড প্লাছ ৩৯৯ টকাৰ প্লেন
আনলিমিটেড ভয়চ কল আৰু এছএমএছ। লগত এক মাহৰ ৭৫ জিবি ডাটা। ২০০ জিবি পর্যন্ত ব্যৱহাৰ নকৰা ডাটাৰ ৰোলঅভাৰ। বিনামূল্যে এমাজন প্রাইম, ডিজনি প্লাছ হটষ্টাৰ আৰু নেটফ্লিক্সৰ ছাবস্ক্রিপচন। জিঅ’-ছাভন, জিঅ’-চিনেমা আৰু জিঅ’-টিভি ব্যৱহাৰৰ সুযোগ।
জিঅ’ পোষ্টপেইড প্লাছ ৫৯৯ টকাৰ প্লেন আনলিমিটেড ভয়চ কল আৰু এছএমএছ। লগতে এক মাহৰ ১০০ জিবি ডাটা। ২০০ জিবি পর্যন্ত ব্যৱহাৰ নকৰা ডাটাৰ ৰোলঅভাৰ। বিনামূল্যে এমাজন প্রাইম, ডিজনি প্লাছ হটষ্টাৰ আৰু নেটফ্লিক্সৰ ছাবস্ক্রিপচন। জিঅ’-ছাভন, জিঅ’-চিনেমা আৰু জিঅ’-টিভি ব্যৱহাৰৰ সুযোগ।
জিঅ’ পোষ্টপেইড প্লাছ ৭৯৯ টকাৰ প্লেন
আনলিমিটেড ভয়চ কল আৰু এছএমএছ। লগতে এক মাহৰ ১৫০ জিবি ডাটা। ২০০ জিবি পর্যন্ত ব্যৱহাৰ নকৰা ডাটাৰ ৰোলঅভাৰ। বিনামূল্যে এমাজন প্রাইম, ডিজনি প্লাছ হটষ্টাৰ আৰু নেটফ্লিক্সৰ ছাবস্ক্রিপচন। জিঅ’-ছাভন, জিঅ’-চিনেমা আৰু জিঅ’-টিভি ব্যৱহাৰৰ সুযোগ। একেই বিলত আৰু দুখন ছিম কার্ড বিনা খৰচত ব্যৱহাৰৰ সুযোগ।
জিঅ’ পোষ্টপেইড প্লাছ ৯৯৯ টকাৰ প্লেন
আনলিমিটেড ভয়চ কল আৰু এছএমএছ। সঙ্গে এক মাসে ২০০ জিবি ডেটা। ৫০০ জিবি পর্যন্ত ব্যৱহাৰ নকৰা ডাটাৰ ৰোলঅভাৰ। বিনামূল্যে এমাজন প্রাইম, ডিজনি প্লাছ হটষ্টাৰ আৰু নেটফ্লিক্সৰ ছাবস্ক্রিপচন। একেই বিলত আৰু তিনিখন ছিম কার্ড বিনা খৰচত ব্যৱহাৰৰ সুযোগ।
জিঅ’ পোষ্টপেইড প্লাছ ১,৪৯৯ টকাৰ প্লেন
আনলিমিটেড ভয়চ কল আৰু এছএমএছ। লগতে এক মাহৰ ৩০০ জিবি ডাটা। ৫০০ জিবি পর্যন্ত ব্যৱহাৰ নকৰা ডাটাৰ ৰোলঅভাৰ। বিনামূল্যে এমাজন প্রাইম, ডিজনি প্লাছ হটষ্টাৰ আৰু নেটফ্লিক্সৰ ছাবস্ক্রিপচন। আমেৰিকা আৰু সংযুক্ত আৰব ৰাষ্ট্ৰত কথা কোৱাৰ বাবে আনলিমিটেড ডাটা আৰু ভয়চ কলৰ সুযোগ।
এই প্লেনসমূহ মুকলি কৰাৰ সময়ত জিঅ’ৰ সঞ্চালক আকাশ আম্বানিয়ে জনাইছে, “ইতিমধ্যেই আমি ৪০ কোটি প্রিপেইড গ্রাহকৰ আস্থা অর্জন কৰিছো। এইবা লক্ষ্য, পোষ্টপেইড গ্রাহকৰ সংখ্যা বৃদ্ধি কৰা। এই প্লেনসমূহে সেই কামেই কৰিব।”










