ফ্রান্সৰ পৰা ৰাফেল বিমান ভাৰতলৈ অহাৰ পিছৰ পৰাই দেশজুৰি চলিছিল তুমুল চৰ্চা৷ আৰম্ভ হৈছিল এই আধুনিক বিমানবোৰৰ পাইলট কোন হ’ব তাক লৈও জল্পনা। ভাৰতীয় বিমান বাহিনীত মহিলা যোদ্ধা পাইলট হিচাবে ৰাফেল বিমান উৰুওৱাৰ সুযোগ পালে নৰেন্দ্র মোদীৰ সংসদীয় সমষ্টি, বেনাৰসৰ জীয়ৰী শিবাঙ্গী সিঙে৷
শিবাঙ্গী জন্ম আৰু ডাঙৰ-দীঘল হৈছিল বেনাৰসতে। বিএইচইউৰ পৰা এনচিচি কৰাৰ পিছত শিবাঙ্গীয়ে ভাৰতীয় বিমান বাহিনীৰ ৰাফেল স্কোয়াড্রনৰ প্রথম মহিলা ফাইটাৰ পাইলট হোৱাৰ সৌভাগ্য অর্জন কৰে।
শিবাঙ্গীয়ে ২০১৭ চনত ভাৰতৰ মহিলা ফাইটাৰ পাইলটসকলৰ দ্বিতীয় বেটচৰ অংশ হিচাবে ভাৰতীয় বিমান বাহিনীত যোগ দিয়ে। শীঘ্রেই তেওঁ আম্বালাত ভাৰতীয় বিমান বাহিনীৰ ১৭ স্কোৱাড্রন গল্ডেন এৰ’ত যোগ দিব।
ভাৰতীয় বিমান বাহিনীত যোগদানৰ পিছৰ পৰা শিবাঙ্গী সিঙে এখন মিগ-২১ বাইছনৰ দৰে বিমান উৰাইছিল। তেওঁ ভাৰতৰ অন্যতম শ্ৰেষ্ঠ ফাইটাৰ পাইলট উইং কমাণ্ডাৰ অভিনন্দনৰ সৈতেও কাম কৰিছে।
শিবাঙ্গীৰ পিতৃ কুমাৰেশ্বৰ সিঙে এক সাক্ষাৎকাৰত কৈছিল যে মই গর্বিত যে আমাৰ ছোৱালীয়ে বেনাৰসৰ লগতে সম্পূৰ্ণ দেশৰ নাম উজ্জ্বল কৰিব। শিবাঙ্গীৰ মাতৃ সীমা সিং অত্যন্ত সাধাৰণ মহিলা আৰু ভাতৃ মায়াঙ্ক দ্বাদশ শ্রেণীৰ ছাত্র।
তেওঁৰ পিতৃৰ পৰিবহণৰ ব্যৱসায় আছে। তেওঁ কয়– ‘ছোৱালীয়ে ৰাফেল উৰাব, পিতৃৰ বাবে ইয়াতকৈ ডাঙৰ সুখ কি হ’ব পাৰে৷’ তেওঁৰ পিতৃৰ স্বপ্ন আছিল জীয়ৰী পাইলট হ’ব। সেই স্বপ্নই পূৰণ কৰিলে শিবাঙ্গীয়ে।










