![]()
বিশেষ প্ৰতিবেদনঃ
অন্যতকৈ সম্পূর্ণ পৃথক। সন্মুখৰ ফালি হাউলি মুখখন ওপৰৰ ফালে তুলি দুই হাত আৰু দুই ভৰিৰ সহায়ত আগবাঢ়ে এওঁলোক। দূৰৰ পৰা দেখিলে ভাব হ’ব ঠিক যেন চাৰিঠেঙীয়া কোনো পশুই ধীৰ গতিত খোজকাঢ়ি আগবাঢ়িছে।

নিজৰ অঞ্চলটোক বাদ দি ২০০৫ চন পর্যন্ত সমগ্ৰ বিশ্বতেই আক্ষৰিক অর্থত তেওঁলোকৰ তেনে কোনো চিনাকি বা অস্তিত্ব নাছিল। ২০০৫ চনত বিবিচিৰ এখন তথ্যচিত্রত প্রথম এওঁলোকৰ কথা সমগ্ৰ বিশ্বৰ ওচৰলৈ যায়। সাধাৰণ মানুহতো বাদেই, এনে দৃশ্যত বিজ্ঞানীসকলো বিস্মিত হৈ যায়। তুর্কীৰ এই পৰিয়ালটোৱে বাস কৰে তুৰস্ক-চিৰিয়া সীমান্তৰ কিছু উত্তৰে।
পিতৃ-মাতৃৰে সৈতে পৰিয়ালটোৰ মুঠ সদস্য সংখ্যা ২১ জন। এই ২১ জনীয়া পৰিয়ালটোৰ ৫গৰাকী ভাই-ভনীৰ মাজত এই অদ্ভুত বৈশিষ্ট্য আছে। এই ৫ ভাই-ভনীৰ ভিতৰত চাৰিজনী ভনী আৰু এজন ভাই। চাফিয়ে, হেচাৰ, ছেনেম, এমিন আৰু ভাতৃ হুছেইন। বাকী ভাই-ভনী কেইটা চাৰি ভৰিৰ নহ’লেও কোনোটোৱেই সম্পূৰ্ণ স্বাভাৱিক নহয়।

অৱশ্যে তেওঁলোকৰ পিতৃ-মাতৃ কিন্তু একেবাৰেই স্বাভাৱিক। আৰু এই ৫ জন কেৱল যে চাৰি ভৰিৰ তেনে নহয়, এওঁলোকৰ কিবা বুজি পোৱা আৰু কথা কওঁতেও সমস্যা হয়। এওঁলোকে নিজৰ ভিতৰতে সম্পূর্ণ ভিন্নভাবে কথা কয়।










