
নিউজ ডেস্ক:
সংশোধিত নাগৰিকত্ব আইন বিৰোধী কণ্ঠ হৈ উঠিছিল তেওঁ। দিল্লীৰ হাড় কঁপোৱা ঠাণ্ডাই হওক বা ৰ’দ, বৰষুণ, ধুমুহা। চাহিনবাগৰ ‘দাদি’ক একোৱেই টলাব নোৱাৰে। প্রশাসনৰ ভয় বা প্রলোভনতো আন্দোলনৰ পথৰ পৰা আঁতৰি নাযায়। সেই মানসিক দৃঢ়তা চাহিনবাগৰ সীমা পাৰ কৰি সমগ্ৰ দেশৰ ‘কা’ বিৰোধীসকলৰ ভিতৰত জনপ্রিয়তা দিছে এই ‘দাদি’ক। এইবাৰ স্বীকৃতি আহিল একেবাৰে আন্তর্জাতিক স্তৰত। টাইম মেগাজিনৰ ১০০ জন প্রভাৱশালী ব্যক্তিৰ তালিকাত স্থান লাভ কৰিছে সেই চাহিনবাগৰ বিলকিচ দাদিয়ে। ৮২ বছৰীয়া এই আশীতিপৰ মহিলাগৰাকীয়ে বিশ্বৰ প্ৰভাৱশালী জনীতিবিদসকলক হৰুৱাই প্রভাৱশালীসকলৰ তালিকাত স্থান লাভ কৰিছে। এই তালিকাত আছে আৰু কেইজনমান ভাৰতীয়।

দিল্লীৰ হাড় কপোৱা শীতকো বুঢ়া আঙুলি দেখুৱাই ‘কা’ৰ বিৰোধিতাত নামি পৰিছিল চাহিনবাগৰ ‘দাদি’সকল। দীর্ঘদিন ধৰি চলে তেওঁলোকৰ আন্দোলন। আন্দোলনৰ মুখ আছিল ৯০ বছৰীয়া আচমা খাতুন, আশীতিপৰ বিলকিচ আৰু সত্তৰোর্ধ্বৰ শর্বৰীৰা। ঘৰত বহি নাথাকি ৰাস্তাত নামি প্রতিবাদ কৰিছে এই বৃদ্ধাসকলে। এই দাদিসকলৰেই মধ্যমণি বিলকিচ। ৮২ বছৰীয়া বিলকিচ কেৱল চাহিনবাগতে নহয়, কলকাতা, মুম্বাইসহ দেশৰ কেইবাখনো চহৰত গৈ আন্দোলনত যোগ দিছিল। তেওঁৰ বক্তব্যই উদ্দীপ্ত কৰিছে আন্দোলনকাৰীসকলক। সম্ভৱত সেই কাৰণেই টাইম মেগাজিনৰ বিশ্বৰ ১০০ জন প্রভাৱশালী ব্যক্তিৰ তালিকাত স্থান পাইছে এইগৰাকী দাদিয়ে।

এই তালিকাত নাম থকা অন্য ভাৰতীয়সকলৰ ভিতৰত অৱশ্যে আছে প্রধানমন্ত্রী নৰেন্দ্র মোদীও। বিভিন্ন নীতিক লৈ বিৰোধীয়ে যিমানেই তেওঁৰ সমালোচনা নকৰক, প্রধানমন্ত্রী এতিয়াও সমগ্র দেশত সমানে জনপ্রিয়। তালিকাত আছে অভিনেতা আয়ুষ্মান খুৰানাৰ নামো।










