
নিউজ ডেস্কঃ
মায়ানগৰী এতিয়া জলমগ্ন৷ ক’ৰবাত যদি আঁঠুলৈকে, আন ক’ৰবাত আকৌ তঁকালৰ সমান পানী। নিশাৰে পৰা হৈ থকা প্রবল বৃষ্টিপাতত বৰ্তমান এয়াই মুম্বাইৰ দৃশ্য। বতৰ বিজ্ঞান কেন্দ্ৰই পূৰ্বতেই মুম্বাইত প্ৰবল বৃষ্টিপাতৰ সতর্কবাণী দিছিল। সেই পূর্বাভাস অনুযায়ী মঙলবাৰে নিশাৰ পৰা মূষলধাৰে বৃষ্টিপাত আৰম্ভ হয় মুম্বাই আৰু মহাৰাষ্ট্রৰ বিভিন্ন প্রান্তত। পুৱাৰে পৰা চহৰখনৰ বিভিন্ন অঞ্চল প্লাবিত হৈ পৰে।
ইফালে বতৰ বিজ্ঞান বিভাগৰ সূত্র অনুযায়ী, বিগত ২৪ ঘণ্টাত সকলোতকৈ বেছি বৃষ্টিপাত হৈছে পশ্চিম মুম্বাইৰ ছান্তাক্রুজত। বুধবাৰে পুৱা ৮টা পর্যন্ত তাত হোৱা বৃষ্টিপাতৰ পৰিমাণ ২৮৬.৪ মিলিমিটাৰ। আনহাতে, কোলাবাত ১৪৭.৮ মিলিমিটাৰ, থানেত ১১৯.৮ মিলিমিটাৰ আৰু ৰত্নগিৰিত বৃষ্টিপাতৰ পৰিমাণ আছিল ৩২.৫ মিলিমিটাৰ।
আগন্তুক ২৪ ঘণ্টাত অধিকৰ পৰা অধিকতম বৃষ্টিপাতৰ সম্ভাৱনাও আছে বুলিও সতর্ক কৰি দিছে বতৰ বিজ্ঞান বিভাগে।









