
নিউজ ডেস্কঃ
২০১৫ চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা বিদেশ ভ্ৰমণৰ বাবে খৰচ হৈছে ৫১৭.৮২ কোটি টকা৷ বিশ্বৰ ৫৮খন দেশ ভ্ৰমণৰ নামত এই ধন খৰচ কৰিছে প্ৰধানমন্ত্ৰীয়ে৷ ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত ৰাজ্যিক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভি মুৰুলীধৰণে ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে ৷
তেওঁ লগতে জনায় যে এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে আমেৰিকা, ৰাছিয়া আৰু চীন ভ্ৰমণ কৰিছে পাঁচবাৰকৈ৷ দুবাৰকৈ ভ্ৰমণ কৰিছে ছিংগাপুৰ, জাৰ্মানী, ফ্ৰান্স, শ্ৰীলংকা আৰু আৰব আমিৰশ্বাহী৷ আনহাতে, মোদীৰ শেহতীয়া ভ্ৰমণটো হৈছে ২০১৯ৰ ১৩ নৱেম্বৰত কৰা ব্ৰাজিল ভ্ৰমণ৷










