
নিউজ ডেস্কঃ
প্রতিষেধক নাহিলে অহা বছৰ ফেব্রুৱাৰীত দেশত দৈনিক ২ লাখ ৮৪ হাজাৰ লোক কৰোনাত আক্রান্ত হ’ব পাৰে! কৰোনাক লৈ ভাৰতৰ এই উদ্বেগৰ কথা শুনালে মেছাচুছেটছ ইনষ্টিটিউট অব টেকন’লজিয়ে (এমআইটি)। প্ৰতিষ্ঠিত এই প্রতিষ্ঠানৰ সমীক্ষাই কৈছে, পৰিস্থিতি এনেদৰে আগবাঢ়ি থাকিলে বিশ্বত কৰোনা বিধ্বস্ত দেশসমূহৰ তালিকাত শীর্ষলৈ উঠিব ভাৰত! পিছ পেলাব আমেৰিকাকো ৷
৮৪খন দেশৰ প্রায় ৬০ শতাংশ জনগণৰ ওপৰত এই সমীক্ষা চলাইছে এমআইটিৰ স্লোৱান স্কুল অব মেনেজমেণ্টে। তেওঁলোকৰ পৰিসংখ্যাই কৈছে, ২০২১ৰ মার্চৰ পৰা মে’ মাহৰ ভিতৰত সমগ্ৰ বিশ্বত মুঠ কৰোনা আক্রান্তৰ সংখ্যা ২০ৰ পৰা ৬০ কোটিৰ ভিতৰত হ’ব পাৰে ।
সমগ্ৰ বিষয়টো নির্ভৰ কৰিছে তিনিটা বিষয়ৰ ওপৰত। প্ৰথম, বর্তমান যি হাৰত পৰীক্ষা চলিছে, সেয়া চলি থাকিলে। দ্বিতীয়, পৰীক্ষাৰ হাৰ বাঢ়িলে। তৃতীয়তে, পৰীক্ষাৰ হাৰ একেই থাকিলে কিন্তু সংক্রমণৰ হাৰ বাঢ়িলে। সমীক্ষকসকলৰ মন্তব্য, সংক্রমণৰ হাৰ বৃদ্ধি হোৱাটোৱেই সকলোতকৈ ডাঙৰ উদ্বেগৰ কাৰণ। সমীক্ষাত পোহৰলৈ অহা প্রৱণতা অনুযায়ী, চলিত বছৰৰ শেষৰ ফালে, অর্থাৎ ছেপ্টেম্বৰ-নৱেম্বৰ মাহত সংক্রামিতৰ সংখ্যা একেকোবে বহুখিনি বাঢ়ি যাব পাৰে। এইক্ষেত্রত যিবোৰ দেশ বেছি প্রভাৱিত হ’ব তাৰ শীর্ষত থাকিব ভাৰত। তাৰ পিছত বাংলাদেশ, পাকিস্তান আৰু আমেৰিকা।










