পৰীক্ষাক লৈ গাইডলাইন জাৰি কৰাৰ পিছত এইবাৰ দেশজুৰি কলেজ আৰু বিশ্ববিদ্যালয়সমূহৰ স্নাতক আৰু স্নাতকোত্তৰ স্তৰৰ প্রথম বর্ষৰ প্রথম ছেমিষ্টাৰৰ শ্ৰেণী কেতিয়াৰ পৰা আৰম্ভ হ’ব, কেতিয়াৰ পৰা নামভর্তি প্রক্রিয়া চলিব, পৰীক্ষা কেতিয়া হ’ব সেই বিষয়ে বিস্তাৰিত গাইড লাইন দিলে কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে।
মঙ্গলবাৰে টুইট কৰি এই বিষয়ে জনায় কেন্দ্রীয় শিক্ষামন্ত্রী ৰমেশ পোখৰিয়ালে। তেওঁ জনায় বর্তমান কৰোনা ভাইৰাছ মহামাৰী পৰিস্থিতিত প্রথম বর্ষৰ শ্ৰেণী আৰম্ভ হোৱাক লৈ বিশ্ববিদ্যালয় আৰু কলেজসমূহত যি ৰিপোর্ট দাখিল কৰা হৈছিল সেই ৰিপোর্টকে সন্মতি দিলে কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে। ৩০ অক্টোবৰৰ ভিতৰতেই নামভর্তি প্রক্রিয়া শেষ কৰাৰ গাইডলাইন দিছে কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে। ১ নৱেম্বৰৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ স্তৰৰ প্রথম বর্ষৰ প্রথম ছেমিষ্টাৰৰ শ্ৰেণী আৰম্ভ কৰাৰ কথা কোৱা হৈছে ।
ইউজিচিৰ গাইডলাইনত কোৱা হৈছে
১)৩১ অক্টোবৰৰ ভিতৰতেই সকলো নামভর্তি প্রক্রিয়া শেষ কৰিব লাগিব।
২) প্ৰথম ছেমিষ্টাৰ বা প্রথম বর্ষৰ শ্ৰেণী আৰম্ভ কৰিব লাগিব ১ নৱেম্বৰৰ পৰা।
৩) ২০২১ চনৰ ১ মার্চৰ পৰা ৭ মার্চ পর্যন্ত প্রথম ছেমিষ্টাৰ পৰীক্ষাৰ বাবে ছাত্র-ছাত্রীক প্রস্তুতিৰ ছুটি দিব লাগিব।
৪) ২০২১ চনৰ ৮ মার্চৰ পৰা ২৬ মার্চ পর্যন্ত প্রথম ছেমিষ্টাৰৰ পৰীক্ষা হ’ব।
৫) ২৭ মার্চৰ পৰা ৪ এপ্রিল পর্যন্ত ছেমিষ্টাৰ ব্রেক দিয়া হ’ব।
৬) পৰৱৰ্তী ছেমিষ্টাৰৰ শ্ৰেণী আৰম্ভ কৰিব লাগিব ৫ এপ্রিলৰ পৰা।
৭) এই ছেমিষ্টাৰৰ পৰীক্ষাৰ প্রস্তুতিৰ বাবে ১ আগষ্টৰ পৰা ৮ আগষ্ট পর্যন্ত ছুটি দিব লাগিব ছাত্র-ছাত্রীসকলক।
৮) পৰীক্ষা অনুষ্ঠিত হ’ব ৯ আগষ্টৰ পৰা, চলিব ২১ আগষ্টলৈ।
৯) ছেমিষ্টাৰ ব্রেক দিয়া হ’ব ২২ আগষ্টৰ পৰা ২৯ আগষ্টলৈ।
১০) ৩০ আগষ্টৰ পৰা এই ছাত্র-ছাত্রীসকলৰ পৰৱৰ্তী শিক্ষাবর্ষ আৰম্ভ কৰিব লাগিব।










