
নিউজ ডেস্কঃ
এতিয়াৰে পৰা আৰু অত্যাৱশ্যকীয় পণ্য নহয় চাউল, দাইল, আলু পিঁয়াজ! আজি ৰাজ্যসভাত গৃহীত হ’ল কৃষি সম্পৰ্কীয় এই গুৰুত্বপূৰ্ণ বিধেয়ক। অত্যাৱশ্যকীয় পণ্য আইনৰ সংশোধনী বিধেয়ক গৃহীত হ’ল দুয়ো সদনতে।
এই বিধেয়কৰ অধীনত এতিয়াৰে পৰা চাউল, দাইল, আলু, পিয়াঁজ, তৈলবীজ, খোৱা তেলৰ দৰে কৃষিপণ্যক অত্যাৱশ্যকীয় পণ্যৰ অধীনৰ পৰা বাদ দিয়া হৈছে। এতিয়া বিধেয়কখনত ৰাষ্ট্রপতিৰ স্বাক্ষৰ হ’লেই আইনত পৰিণত হ’ব৷ আৰু এবাৰ আইনত পৰিণত হোৱাৰ পিছত কৃষিপণ্যৰ ওপৰত নাথাকিব চৰকাৰী নিয়ন্ত্রণ। লগতে এই পণ্য মজুতৰ কোনো ঊর্ধ্বসীমাও নাথাকিব।
অৱশ্যে চৰকাৰৰ দাবী, এই নতুন আইনে কৃষি ক্ষেত্ৰলৈ ডাঙৰ ডাঙৰ কোম্পানীৰ বিনিয়োগ আনিব। উল্লেখ্য যে ১৯৫৫ চনত আৰম্ভ হৈছিল অত্যাৱশ্যকীয় পণ্য আইন।










