![]()
নিউজ ডেস্কঃ
ধৰ্ণাত বহা সাংসদসকলৰ বাবে চাহ-বিস্কুট লৈ উপস্থিত হ’ল উপাধ্যক্ষ হৰিবংশ নাৰায়ণ সিং। কিন্তু উভতিবলগা হ’ল বিফল মনোৰথ হৈ।
চাহ খোৱাতো বাদেই, আঠগৰাকী সাংসদে জনালে, তেওঁলোকৰ এই অৱস্থান অনির্দিষ্টকালৰ। উল্লেখ্য যে নিলম্বিত সাংসদসকলৰ ধৰ্ণাস্থলীত পুৱা সাত বজাত উপস্থিত হৈছিল হৰিবংশ সিং৷ উদ্দেশ্য ‘চায়ে পে চর্চা’।
কিন্তু ৰাজ্যসভাত কৃষি বিধেয়কক লৈ যেতিয়া তুমুল বিতৰ্ক চলি আছিল, তেতিয়া অধ্যক্ষৰ আসনত আছিল উপাধ্যক্ষ হৰিবংশ নাৰায়ণ সিং। এতিয়া সেই হৰিবংশ সিঙে লেৰেলা সাদৰ দেখুৱাবলৈ যোৱাত তেওঁক কটাক্ষ কৰি সাংসদসকলৰ মন্তব্য, তেওঁৰ এই পদক্ষেপ কেৱল ‘লোকক দেখাবৰ বাবে’।
অৱশ্যে হৰিবংশৰ এই প্রয়াসৰ প্রশংসা কৰিছেন প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। আনহাতে, সাংসদসকলৰ অভব্য আচৰণৰ প্রতিবাদত এদিনৰ অনশনৰ সিদ্ধান্ত লৈছে হৰিবংশ সিঙে। ৰাজ্যসভাৰ অধ্যক্ষ ভেঙ্কায়া নাইডুক পত্ৰ লিখি তেওঁ এই সিদ্ধান্তৰ কথা জনাইছে। তেওঁ লিখিছে, ‘‘সাংসদসকলৰ ব্যৱহাৰত মই মর্মাহত। যি ঘটিছে, তাত মই মানসিক চাপত আছো। যোৱা দুদিন শুব পৰা নাই।’’










