নিউজ ডেস্ক :
কঠোৰ আৰু নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেৰে আজিৰে পৰা আৰম্ভ হৈছে ৰাজ্যৰ বিদ্যালয়সমূহৰ নিৰ্ধাৰিত শ্ৰেণীৰ পাঠদান। কিন্তু লকডাউনৰ পিছত আজি পুনৰ বিদ্যালয় খোলাৰ প্ৰথম দিনটোত দেখা গ’ল শিক্ষাৰ্থীসকলৰ মিশ্ৰিত সঁহাৰি।
শিক্ষক-শিক্ষাৰ্থী উভয়ৰে কোভিডৰ ক্ষেত্ৰত এনঅ’চি আছিল প্ৰথম চৰ্ত। অৰ্থাৎ তেওঁলোক কোভিড নেগেটিভ হ’ব লাগিব। কিন্তু এই ক্ষেত্ৰত বহু শিক্ষাৰ্থীয়ে এনঅ’চি দিব নোৱাৰাৰ বাবে ঘৰলৈ উভতাই পঠিওৱা হয়।
আনহাতে, বহু বিদ্যালয়ত এজন-দুজন ছাত্ৰ-ছাত্ৰী উপস্থিত হোৱাৰ বিপৰীতে বহু বিদ্যালয়ত উপস্থিত নাথাকিল কোনো ছাত্ৰ-ছাত্ৰী।
ইফালে বিদ্যালয়সমূহ ইতিমধ্যে কৰ্তৃপক্ষই চেনিটাইজ কৰাৰ ব্যৱস্থা লৈছিল। আজি বিদ্যালয়ত উপস্থিত হোৱা প্ৰতিগৰাকী শিক্ষক তথা শিক্ষাৰ্থীৰ থাৰমেল স্কেনিং কৰাৰ লগতে হাত চেনিটাইজ কৰা হয়।
উল্লেখযোগ্য যে বহু দিনৰ বিৰতিৰ মূৰত আজি বিদ্যালয়সমূহ খোলাক লৈও অভিভাৱকসকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা যায়। শিক্ষাৰ্থীসকলৰ শিক্ষা জীৱনৰ প্ৰতি লক্ষ্য ৰাখি এচামে ইয়াৰ সমৰ্থন কৰিলেও আন এচামে আকৌ বৰ্তমান বৰ্ধিত কৰোনা সংক্ৰমণৰ সময়ত বিদ্যালয় খোলাটো কোনো পধ্যেই নিৰাপদ নহয় বুলি মন্তব্য কৰে।
ইফালে বহু বিদ্যালয়ত আজি পাঠদান আৰম্ভ হোৱাৰ বিপৰীতে বহু বিদ্যালয়ে অন লাইন যোগেও পাঠদান আগবঢ়াব।